মৰিয়নী, 1 আগষ্ট : ৰাজ্য চৰকাৰে প্ৰায় 250 দিনৰো অধিক সময় কাৰাৰুদ্ধ কৰি ৰখা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ অব্যাহত আছে । কৃষক নেতা অখিল গগৈৰ লগতে মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক চৰকাৰে কাৰাবন্দী কৰি ৰখাৰ প্ৰতিবাদত মৰিয়নীৰ নকছাৰীত কৃষক মুক্তিৰ চাৰি সদস্যই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
মৰিয়নীৰ নকছাৰীৰ দেবেৰাপাৰা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নকছাৰী আঞ্চলিক সমিতিৰ সভাপতি হৰেন সন্দিকৈ, সহকাৰী সম্পাদক মহম্মদ লিটুল হুচেইন, সদস্যদ্বয় ৰিতুপৰ্ণ কোঁৱৰ আৰু জিতেন সন্দিকৈয়ে মুণ্ডন কৰি কৃষক নেতা অখিল গগৈৰ লগতে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক