যোৰহাট, 21 এপ্ৰিল : এখন সুন্দৰ পৃথিৱীৰ লক্ষ্য আগত ৰাখি যোৰহাটৰ তিনি যুৱকে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ ৷ চাইকেলেৰে উত্তৰাখণ্ডত অৱস্থিত কেডাৰনাথ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিলে যুৱকৰ দলটোৱে ৷ জয় আই অসম ধ্বনিৰে যোৰহাটৰ কল্যাণী খেলপথাৰৰ পৰা আৰম্ভ কৰিলে এই বিশেষ যাত্ৰা (Exceptional move of three young man from Jorhat) ।
কেডাৰনাথলৈ যাত্ৰা কৰা তিনি যুৱক হ’ল যোৰহাট পতিয়া গাঁও নাওবৈচাৰ শচীন শইকীয়া, তৃভাষীস শইকীয়া আৰু চিৰঞ্জীৱ শইকীয়া ৷ তিনিওজন বৰ্তমান ছাত্র বুলি জানিবলৈ পৰা গৈছে ৷ বৃহস্পতিবাৰে যোৰহাটৰ কল্যাণী খেলপথাৰৰ পৰাৰ ৰাইজৰ হৰ্ষধ্বনি আৰু জয় আই অসম ধ্বনিৰ মাজেৰে সুদূৰ উত্তৰাখণ্ডত অৱস্থিত কেডাৰনাথ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰে তিনি যুৱকে (Bicycle journey from Assam to Kedarnath) ।
পৃথিৱীখন তথা বিশেষতঃ যোৰহাটখনক সেউজীয়া ৰূপে গঢ়ি তুলিবলৈ যুৱককেইজনে গ্ৰহণ কৰে এই পদক্ষেপ ৷ তদুপৰি বাইক, ম’বাইলৰ পিচত দৌৰি নুফুৰি নৱপ্ৰজন্মৰ মাজত চাইকেল চলোৱা অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যৰে তিনিওজনে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে । চাইকেলৰে সুদীৰ্ঘ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তিনিওগৰাকী ছাত্রক গাঁওবাসী ৰাইজে মৰেমেৰে উপচাই তোলাৰ লগতে যাত্ৰা সফল হোৱাৰ শুভকামনা জ্ঞাপন কৰে ।
চাইকেলৰে কেডাৰনাথ মন্দিৰ লৈ যোৱা ক্ষণত যোৰহাটৰ কল্যাণী খেলপথাৰত উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পুজাৰী ৷ যোৰহাটৰ তিনিগৰাকী উদীয়মান যুৱকৰ যি দুঃসাহসিক প্ৰচেষ্টাৰ সেয়াক কৃতজ্ঞতা জনোৱাৰ লগতে আপোন গাঁও-সমাজখনৰ লগতে দেশ তথা পৃথিৱীখনক সেউজীয়া কৰাৰ সংকল্পৰে চাইকেল যাত্ৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়াক প্ৰশংসনীয় পদক্ষেপ বুলি কয় পূজাৰীয়ে । যাত্ৰা ক্ষণত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পুজাৰী,মহাত্মা গান্ধী কলেজৰ অধ্যক্ষ ত্ৰিলোক বৰাৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি আৰু গঞা ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক : Srinivas BV Case : দুদিনৰ ভিতৰত কাৰণ দৰ্শাবলৈ অংকিতা দত্তলৈ প্ৰদেশ কংগ্ৰেছৰ জাননী