ETV Bharat / state

Bakul Bon Award 2023 : বনগীত সাধক পদ্ম দাসক বকুলবন বঁটা প্ৰদান

author img

By

Published : Jan 27, 2023, 6:43 PM IST

পদ্ম দাসলৈ ২০২৩ বৰ্ষৰ বকুলবন বঁটা (2023 Bakul Bon Award to Padma Das) । অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰাৰ হয় ।

Jorhat
Jorhat
অসম সাহিত্য সভাৰ বকুলবন বঁটা প্ৰদান

যোৰহাট, ২৭ জানুৱাৰী : অসমৰ লোকসংগীতৰ এক অনুপম উপাদান বনগীতৰ বিশিষ্ট সাধক, লোকশিল্পী, ডিব্ৰুগড়ৰ পদ্ম দাসলৈ ২০২৩ বৰ্ষৰ 'বকুলবন বঁটা' আগবঢ়োৱা হৈছে (Assam Sahitya Sabha Bakul Bon Award) । ৬ দশক ধৰি বনগীতৰ চৰ্চা অব্যাহত ৰখা পদ্ম দাসক ২০২৩ বৰ্ষৰ বকুলবন বঁটা আগবঢ়াবলৈ পাই ন্যাস ধন্য হৈছে বুলি মত প্ৰকাশ কৰে বকুল বন ন্যাসৰ সভাপতি সৌমিত্ৰ পূজাৰীয়ে (2023 Bakul Bon Award to Padma Das) । ১৯৩৯ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা পদ্ম দাসৰ পিতৃ প্রয়াত সুবেন দাস আৰু মাতৃ পূৰ্ণিমালা দাস (Dibrugarh folk artist Padma Das) ।

নানা প্রতিবন্ধকতাৰ বাবে আনুষ্ঠানিক শিক্ষা ক্ষেত্ৰত আগবাঢ়িব নোৱাৰা পদ্ম দাসে বহু কষ্ট স্বীকাৰ কৰি জীৱন সংগ্ৰামত আগবাঢ়ি এটি মটৰ গেৰেজ মুকলি কৰি জীৱিকাৰ ব্যৱস্থা কৰে । এনে কঠিন সংগ্ৰামৰ মাজতো কিন্তু দাসৰ শিল্পীসত্তা সঞ্জীৱিত হৈ থাকে । সুৰীয়া কণ্ঠেৰে গীত গোৱা পদ্ম দাসৰ বনগীত ডিব্ৰুগড়ৰ (All India Radio Dibrugarh) বিভিন্ন অনুষ্ঠানৰ আকৰ্ষণ হৈ পৰে । জীৱিকাৰ বাবে কঠোৰ সংগ্ৰামৰ মাজতো ১৯৭৪ চনৰ পৰা আকাশবাণী ডিব্ৰুগড়ৰ নিয়মীয়া শিল্পী হিচাপে বনগীত পৰিবেশন আৰম্ভ কৰে ।

বনগীতৰ ওজা হিচাপে পৰিচিত হোৱা পদ্ম দাসৰ ওচৰত বনগীত শিকিবলৈ অহা বিভিন্ন লোকক বনগীতৰ শিক্ষাৰ মহান কৰ্ম মূৰ পাতি লৈ তেখেতে নৱপ্ৰজন্মৰ মাজত বনগীতৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ মহান জাতীয় দায়িত্বও নিষ্ঠাৰে পালন কৰে । তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰা ভালেমান লোকে বৰ্তমান আকাশবাণীত গীত পৰিবেশন কৰে । ভাৰতীয় গণনাট্য সংঘৰ এজন নিষ্ঠাৱান কর্মী পদ্ম দাসে ড৹ ভূপেন হাজৰিকা, হেমাঙ্গ বিশ্বাস আদি বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ লগতে এইসকলৰ লগত গীত পৰিবেশনৰো সুবিধা পায় ।

ওৰেটো জীৱন বনগীতৰ সাধনা, সংৰক্ষণ, সংবর্ধন আৰু প্ৰসাৰৰ বাবে কঠোৰ জীৱন সংগ্রামেও ওপজা মাটিৰ সুৰৰ পৰা বিচ্ছিন্ন কৰিব নোৱৰা এইজনা মহান সাধকক শুকুৰবাৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ৰাধাকান্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ জন্মদিনত এই বঁটা প্ৰদান কৰা হয় । এই বঁটাত বঁটাটিৰ উপৰি সম্বৰ্ধনা-পত্ৰ, অংগবস্ত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয় ।

লগতে পঢ়ক :All Assam Kalita Alpine Peoples Conference : কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ অধিৱেশনত আঙুৰলতা ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.