তিতাবৰ, 1 জুন : সোমবাৰে তিতাবৰত এগৰাকী 11 বছৰীয়া কিশোৰীৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে,অঞ্চলটোৰ এগৰাকী 11 বছৰীয়া কিশোৰী জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ ৷ নিশাৰ ভাগত হঠাৎ জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱতী গৰাকীক লৈ যোৱা হৈছিল তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছতে ৰাইজৰ মাজত কৰ'ণা সন্দেহত মৃত্যু হোৱা বুলি আতংকিত হৈ পৰে ৷
পৰৱৰ্তী সময়ত চিকিৎসকে মৃত কিশোৰী গৰাকীক মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ দিয়ে যদিও পৰিয়ালৰ লোকে মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ ঘৰলৈ উভতাই অনা বুলি অভিযোগ উখাপন কৰে ৷
আনহাতে, স্থানীয় একাংশ লোকে কিশোৰী গৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত কিশোৰী গৰাকীক মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে দাবী জনাই ৷ পৰৱৰ্তী সময়ত অঞ্চলটোত দণ্ডাধীশ মিতালী লাহন আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাত কিছু পৰিমাণে স্বাভাৱিক হৈ পৰে পৰিস্থিতি ৷
লগতে পঢ়ক: বৰষুণৰ ঢলত কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ শৈল স্পাৰ ক্ষতিগ্ৰস্ত