ETV Bharat / state

যুৱকৰ মৃত্যুক লৈ হোজাইত আতংক

author img

By

Published : May 12, 2020, 10:12 PM IST

হোজাইত এজন যুৱকৰ মৃত্যুক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বহুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল যুৱকজন ৷ বৰ্তমান তেজৰ নমুনা পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Youths death triggers panic in hojai
যুৱকৰ মৃত্যুক লৈ হোজাইত আতংক

হোজাই, 12 মে' : মংগলবাৰে হোজাইত এজন মৃত ব্যক্তিক লৈ সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷ মৃত যুৱকজন হোজাই চহৰৰ 2 নং ৱাৰ্ডৰ ভূতনাথ ট্ৰাংক ফেক্টৰিত কৰ্মৰত আছিল । হোজাই ৰামপুৰত অকলশৰে ভাড়াতীয়া হিচাপে আছিল যুৱকজন ৷ মৃত যুৱকজন বিলাসীপাৰাৰ আলী হুছেইন বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত কেইবাদিনৰ পৰা জ্বৰত ভুগি আছিল যুৱকজন ৷ পৰৱৰ্তী সময়ত হোজাইৰ FRU চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত মৃত্যু হয় যুৱকজনৰ ৷

যুৱকৰ মৃত্যুক লৈ হোজাইত আতংক

মৃত্যু হোৱাৰ পিছতে যুৱকজনক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে চিকিৎসালয় খনৰ লগতে সমগ্ৰ অঞ্চলটোত ৷ লগে-লগে মৃত ব্যক্তিজনৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ বাবে নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

নমুনা পৰীক্ষাৰ ফলাফল অহাপ পাচতহে স্পষ্ট হ'ব যুৱকজনৰ মৃত্যুৰ আচল ৰহস্য ৷

লগতে পঢ়ক : বাংগালুৰুত মৃত্যু অসমৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.