হোজাই, 22 জুলাই: শুকুৰবাৰে হোজাই ৰামকৃষ্ণ সেৱাশ্ৰমত যুৱ সন্মিলন অনুষ্ঠিত হয় Youth Conference in Hojai in line with Azadi Ka Amrit Mahotsav) । আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি হোজাই ৰামকৃষ্ণ সেৱাশ্ৰমত আয়োজিত যুৱ সন্মিলনখন পুৱা ন বজাৰ পৰা আৰম্ভ হয় ৷
এই সম্মিলনত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড" আমলেন্দু চক্ৰৱৰ্তী উপস্থিত থাকি যুগধর্মৰ বিষয়ে ভাষণ দিয়ে । যুৱ সম্মিলনখনত হোজাই আৰু নগাঁৱ জ’নৰ বহু যুৱক-যুৱতীয়ে নৃত্য, গীত, নাটক, যোগ ব্যায়াম, প্ৰাণায়াম, সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰে । এই সম্মিলনত ৰামকৃষ্ণ মিছন গুৱাহাটীৰ অপেশ্বৰানন্দ দেয় উপস্থিত থাকে ।
হোজাই ৰামকৃষ্ণ সেৱাশ্ৰমত আয়োজিত এই হোজাই আৰু নগাঁও জ’নৰ যুৱ সন্মিলনখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা দিগন্ত বিশ্ব শৰ্মা ৷ তেওঁ সভাত ভাষণত স্বামী বিবেকানন্দৰ আদৰ্শ আৰু যুৱপ্ৰজন্মলৈ তেওঁৰ বাণীৰ বিষয়ে ব্যাখ্যা কৰে । লগতে তেওঁ কয়, ‘‘আজি শ্ৰদ্ধাৰ অভাৱৰ বাবে আমাৰ অৱনতি হৈছে । যুৱ চামে শ্ৰদ্ধা আৰু ভক্তিৰে জীবন গঢ়িব লাগিব ।’’
লগতে পঢ়ক: Assam Youth Olympic Games: প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল অসম যুৱ অলিম্পিক