হোজাই, 21 ফেব্ৰুৱাৰী: লংকা আৰক্ষীৰ বৃহৎ সফলতা ৷ গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ লংকা আৰক্ষী থানাৰ ক্ষেত্ৰ পৰিদৰ্শক বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে লংকাৰ ৰংমহলা অঞ্চলৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কণ্টেনাৰ ভৰ্তি ট্ৰাকৰ পৰা ৪০ পেকেট গাঞ্জা জব্দ কৰে ৷
জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য 12 লক্ষাধিক টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে । HR-38-Q-8475 নম্বৰৰ ট্ৰাকখনৰ গোপন কেবিনত গাঞ্জাখিনি লুকুৱাই আনিছিল চোৰাং ব্যৱসায়ীয়ে । ইয়াৰ লগতে বাহনখন আৰু বাহন চালক ট্ৰাক চালক সতীশ শৰ্মাকো আটক কৰে আৰক্ষীয়ে । বৰ্তমানে লংকা আৰক্ষীৰ জিম্মাতে আছে জব্দ কৃত গাঞ্জাখিনি ৷