ETV Bharat / state

হোজাইত ডেৰ লাখটকীয়া আমৰ ভোজ - Expensive mango in Hojai

হোজাইত ব্যয়বহুল আমৰ জুটি ল'লে গাঁওবাসীয়ে (Villagers tasted expensive mango in Hojai)। প্ৰায় ১.৫ লাখ টকাৰ এটা আম ভগাই খালে গাঁওবাসীয়ে । শত্ৰুঘ্ন মুখীয়া নামৰ এগৰাকী চিআৰপিএফত কৰ্মৰত জোৱানৰ ঘৰত লাখটকীয়া আমটো লাগিছিল ।

Mango
হোজাইত ডেৰ লাখটকীয়া আমৰ ভোজ
author img

By

Published : Jul 10, 2022, 2:19 PM IST

হোজাই,১০ জুলাই : এতিয়া আমৰ বতৰ । বজাৰত আন আন ফলৰ লগতে উভৈনদী হৈছে আম । কিন্তু এটা আমক লৈ সম্প্ৰতি ৰাজ্যত ব্যাপক চৰ্চা চলিছে । যিটো আমৰ মূল্য ১.৫০ লাখ টকা (Expensive mango in Hojai)। ৬০-৭০ গৰাকী লোকে ভগাই খাইছে সেই বিশেষ আমটো ।

কাল্পনিক যেন লাগিলেও এয়া সঁচা ঘটনা । এয়া কোনো বিদেশৰ ঘটনাও নহয় । অসমৰ হোজাইৰ কাকীৰ পদুমপুখুৰী গাঁৱৰ এটা পৰিয়ালৰ ঘৰত লাখটকীয়া আমটো চাবলৈ লগতে খোৱাদ ল'বলৈ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে গাঁওখনৰ বাসিন্দা শত্ৰুঘ্ন মুখীয়া নামৰ এগৰাকী চিআৰপিএফত কৰ্মৰত জোৱানে ২০২১ চনৰ আগষ্ট মাহত ক্ৰয় কৰি আনিছিল আমৰ পুলিটো । জাপানত উপলব্ধ 'Egg of the Sun' প্ৰজাতিৰ এই আমৰ পুলিটো কলকাতাৰ নাৰ্চাৰীৰ পৰা আনিছিল শত্ৰুঘ্ন মুখীয়াই । ১৫০০ টকাত ক্ৰয় কৰি অনা আমৰ পুলিটোত এইবাৰ মাত্ৰ এটা আম লাগিছিল ।

জোৱানগৰাকীয়ে জনোৱা মতে আমটোৰ মূল্য প্ৰায় ১.৫০ লাখ টকা হ'ব (A mango worth Rupees 1.50 lakh)। আমটো চাবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন জনে তেওঁলোকৰ ঘৰত ভিৰ কৰিছিল । অৱশেষত আমটো পকি উঠিল । যিহেতু আমটোৰ সোৱাদ ল'বলৈ গাঁওবাসী যথেষ্ট আগ্ৰহী আছিল সেয়েহে শত্ৰুঘ্নই আমটোৰ জুটি ল'বলৈ গাঁৱৰ ৰাইজ লগতে আত্মীয়ক নিমন্ত্ৰণ জনালে ।

নিমন্ত্ৰণ ৰক্ষা কৰি লাখটকীয়া আমৰ জুটি ল'বলৈ শত্ৰুঘ্নৰ ঘৰত ভিৰ কৰিলে ৬০ৰো অধিক লোকে । শত্ৰুঘ্নৰ পত্নীয়ে নিজ হাতেৰে কাটি সকলোকে ভগাই দিলে আমটো । লাখটকীয়া আমৰ সোৱাদ লৈ সকলোৱে শত্ৰুঘ্নৰ পৰিয়ালটোক আশীৰ্বাদ দিলে (Villagers tasted expensive mango in Hojai)। আনহাতে জোৱানজনৰ এনে প্ৰচেষ্টাই আন বহু লোকক এই ধৰণৰ আমৰ খেতি কৰিবলৈ আগ্ৰহী কৰি তুলিব বুলিও আশাবাদী লোকসকল ।

লগতে পঢ়ক :অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডত অচলাৱস্থা; শোচনীয় অৱস্থাত উৎপাদন কেন্দ্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.