হোজাই, 28 জুলাই : হোজাইত চোৰ ডকাইতৰ ৰূপত পঞ্চায়তৰ সচিব ৷ এই অভিযোগ আমাৰ নহয়, কপাহবাৰী গাঁও পঞ্চায়তৰ পূৱ তেৰা পুৰ গাঁওবাসীৰ ৷ বোকাময় পথৰে অহা-যোৱা কৰি অতিষ্ঠ হৈ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত কপাহবাৰী গাওঁ পঞ্চায়তৰ পূৱ তেৰা পুৰ গাঁৱৰ ৰাইজে শনিবাৰে ভূঁই ৰুই পঞ্চায়ত সচিবৰ বিৰুদ্ধে কৰে সাব্যস্ত প্ৰতিবাদ । এ আই ইউ ডি এফৰ প্ৰাক্তন সভাপতি গোলাপ উদ্দিন আৰু পঞ্চায়তৰ সচিব মিৰ উদ্দিন ওৰফে মানিকে বিগত বহুদিনৰ পৰাই পঞ্চায়তৰ বিভিন্ন কামৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে সচিবগৰাকীৰ বিৰুদ্ধে চৰকাৰী তদন্তৰো দাবী জনায় স্থানীয় ৰাইজে ৷ অনথ্যা ৰাইজৰ টকা লুণ্ঠন কৰি ব্যক্তিগত উন্নতি সাধন কৰা বিশ্বাসঘাতক পঞ্চায়তৰ প্ৰতিনিধি আৰু খণ্ড উন্নয়নৰ কর্মচাৰীসকলৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷