হোজাই, 27 অক্টোবৰ : সতৰ্ক ভাৰত, সমৃদ্ধি ভাৰত শ্ল'গানেৰে মঙলবাৰৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে 'Central Vigilance Commission' য়ে পালন কৰিছে 'Vigilance Awarness Week 2020' ৷
হোজাই জিলাতো আৰক্ষী আৰু আৰক্ষীৰ সকলো ভাতৃ সংগঠন আৰু শাখা সংগঠনে পালন কৰিছে 'Vigilance Awarness week 2020' ৷ এই উপলক্ষে মঙলবাৰে হোজাইৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰয়ে এক অনুষ্টুপীয়া অনুষ্ঠানত আৰক্ষীক উদ্যেশ্যি কয় যে, সমাজৰ কাৰণেহে আৰক্ষী, আৰক্ষীৰ কাৰণে সমাজ নহয় ৷ তেওঁ সৎ আৰু নিষ্ঠাৰে সকলো কাম কৰিবলৈ হোজাই জিলাৰ প্ৰতিগৰাকী আৰক্ষীক আহ্বান জনায় ৷
নাকা চেকিং, যতে ততে ট্ৰাক ৰখাই ধন সংগ্ৰহ কৰা বুলি সময় সময়ে দুই এক আৰক্ষীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হয় সেয়া কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও সকীয়াই দিয়ে অধীক্ষক গৰাকীয়ে ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ বিভিন্ন কামৰ কাৰণে অহা লোকসকলে যাতে দিনটো বোন্ধাপৰ দি থাকিবলগীয়া নহয় তাক নিশ্চিত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
তেওঁ আকৌ উল্লেখ কৰি কয় যে, ৰাইজক নিৰাপত্তা দিয়াটো আৰক্ষীৰ দ্বায়িত্ব আৰু এই দ্বায়িত্ব সকলো আৰক্ষীয়ে পালন কৰিব লাগিব বুলি উল্লেখ কৰে অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক : শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এগৰাকী ব্যক্তিৰ আকস্মিক মৃত্যু