ETV Bharat / state

Music video released: হোজাইৰ লংকাত জোনালী সন্ধ্যা শীৰ্ষক এটি ভিডিঅ' গীত মুকলি - হোজাইৰ লংকাত জোনালী সন্ধ্যা শীৰ্ষক এটি ভিডিঅ গীত মুকলি

হোজাই জিলাৰ লংকাত আদিগুৰু প্ৰডাকচনৰ বেনাৰত আনুষ্ঠানিক ভাবে মুকলি কৰা হয় সংঘমিত্ৰা গোস্বামীয়ে কণ্ঠদান কৰা জোনালী সন্ধ্যা শীৰ্ষক এটি ভিডিঅ গীত(Music video released at Hojai) ।

video of song released in hojai
হোজাইৰ লংকাত জোনালী সন্ধ্যা শীৰ্ষক এটি ভিডিঅ গীত মুকলি
author img

By

Published : Aug 11, 2022, 8:42 PM IST

হোজাই,১১ আগষ্ট: হোজাই জিলাৰ লংকাত জোনালী সন্ধ্যা শীর্ষক এক নতুন ভিডিঅ' গীত YOUTUBE জৰিয়তে মুকলি কৰা হয় । লংকাৰ জীয়ৰি সংঘমিত্ৰা গোস্বামীয়ে কণ্ঠদান কৰা উক্ত গীতটো বুধবাৰে লংকাৰ এন-এৰিয়াস্থিত সংঘমিত্ৰাৰ নিজ পিতৃগৃহত ঘৰুৱা পৰিবেশত সম্বন্ধীয়, ওচৰ চুবুৰীয়া আৰু শুভাকাঙ্ক্ষী সকলক লগত লৈ মুকলি কৰা হয়(Music video released at Hojai) ।

হোজাইৰ লংকাত জোনালী সন্ধ্যা শীৰ্ষক এটি ভিডিঅ গীত মুকলি

মাতৃ দীপিকা গোস্বামী আৰু পিতৃ মুকুট দেৱ গোস্বামীৰ কন্যা সংঘমিত্ৰা গোস্বামী সৰুৰ পৰা পঢ়া-শুনাৰ সমান্তৰাল ভাবে আছিল সংগীতৰ প্ৰতি আগ্ৰহী । নিজৰ লংকাৰ ঘৰখনত সৰুৰেই পৰা সংঘমিত্ৰাই পাইছিল সংগীতৰ এক বাতাবৰণ । পিছত ৬ বছৰ মান বয়সত সংগীতৰ গুৰু কাঞ্চন দাসৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লয় সংঘমিত্ৰা গোস্বামীয়ে ।

পঢ়া-শুনাৰ সমান্তৰাল ভাবে সংঘমিত্ৰাই কৰি লৈছিল সংগীতৰ প্ৰশিক্ষণ ও সংগীতৰ চৰ্চা । অসমৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠানত সংগীত পৰিবেশন কৰি ৰাইজৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল সংঘমিত্ৰাই । পঢ়া-শুনাৰ মাজতেই ২০১৮ চনত নগাঁও কলেজত শ্ৰেষ্ঠ গায়িকা, ২০১৯-২০২০ বৰ্ষত জে.বি.আইন মহাবিদ্যালয়ত শ্ৰেষ্ঠ গায়িকাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় সংঘমিত্ৰা গোস্বামীয়ে ।

বৰ্তমান বিষ্ণু ৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত অধ্যানৰত সংঘমিত্ৰা গোস্বামীয়ে আদিগুৰু প্ৰডাক্সনৰ বেনাৰত জোনালী সন্ধ্যা শীর্ষক এটি গীত নিজে বাণীবদ্ধ কৰে । সংঘমিত্ৰাই জানিব দিয়া অনুসৰি উক্ত গীতটোৰ কথা পৰাগ দেৱ চৌধুৰীৰ আৰু সংগীত পৰিচালনা কৰিছে দেৱজিৎ চৌধুৰীয়ে ।

পিছলৈ, উক্ত গীতটো চিম্পল গগৈৰ পৰিচালনাৰে ভিডিঅ' প্ৰস্তুত কৰা হয় । ভিডিঅ'ত অভিনয় কৰে অসমৰ অভিনয় জগতৰ নৱ প্ৰজন্মৰ অভিনেতা সুভ্ৰনীল বৰা আৰু অভিনেত্রী ৰিছা ছেত্ৰীয়ে । লগতে সংঘমিত্ৰা গোস্বামীয়েও উক্ত গীতটিত ভুমুকি মাৰে । এই নতুন যাত্ৰাত উক্ত ভিডিঅ' গীতটিৰ মুকলি অনুষ্ঠানত সকলোৱে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে সংঘমিত্ৰালৈ ।

লগতে পঢ়ক: Independence Day parade: তেজপুৰ নেহৰু মৈদানত স্বাধীনতা দিৱসৰ পেৰেড অনুশীলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.