হোজাই, 17 জানুৱাৰী : হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত মাটিখোলা শ্লুইচ গেটত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । শ্লুইচ গেটৰ কাষৰ নলাৰ পানীত ওপঙি থকাৰ অৱস্থাত পথাৰলৈ যোৱা এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পিচতে মোৰাঝাৰ থানাত অৱগত কৰাত আৰক্ষী উপস্থিত হৈ মৃত দেহতো উদ্ধাৰ কৰে ।
মৃত দেহতো মোৰাঝাৰ আৰক্ষী আৰু স্থানীয় ৰাইজে চিনাক্ত কৰিব নোৱাৰাত কোনোবা লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ মোৰাঝাৰ আৰক্ষীয়ে মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক: আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ চূড়ান্ত ইংগিত