হোজাই, 23 অক্টোবৰ: নিজ খুড়াকৰ কামনাৰ বলি হোজাইৰ এটি 6 বছৰীয়া শিশু ৷ জানিব পৰা মতে 21 অক্টোবৰত হোজাইৰ উদালীত 6 বছৰীয়া শিশুটি খুড়াকৰ কামনাৰ বলি হৈছিল ৷ শিশুটিৰ খুড়াক নাজিৰ হুচেইনৰ বিৰুদ্ধে নিজ ভতিজীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে অভিযুক্ত গৰাকীক উদালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে ধৰ্ষণ কাৰ্য সংঘটিত কৰা অভিযুক্ত নাজিৰ হুচেইন উদালী আৰক্ষীৰ জালত পৰে ৷
22 অক্টোবৰত শিশুটিৰ পৰিয়ালৰ লোকে ধৃত নাজিৰ হুচেইনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ পাছত লোকজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল ৷ অৱশেষত শুকুৰবাৰে অভিযুক্ত হুচেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: অনাময় আঁচনি কেলেংকাৰীঃ জেল-হাজোতলৈ প্ৰেৰণ কণিষ্ঠ অভিযন্তা নাছিৰুদ্দিনক