হোজাই, 1 নৱেম্বৰঃ হোজাইৰ নখুঁটিত চীপ লৈ আত্মহত্যা একে পৰিয়ালৰে তিনিজনৰ ৷ শুক্ৰবাৰে হোজাইৰ নখুঁটিত সংঘটিত হয় এই মৰ্মাটিক ঘটনাটো ৷ একে পৰিয়ালৰে মাতৃ, পুত্ৰ, কন্যাই বাছি ল'লে চূড়ান্ত পথ ৷ নখুঁটীৰ টেট শিক্ষক জয়নুল হক নামৰ লোকজনৰ পত্নী ছাহেৰা বেগমে ভিতৰৰ পৰা নিজ গৃহৰ দুৱাৰ-খিৰিকী বন্ধ কৰি প্ৰথমে নিজৰ পাঁচ বছৰীয়া পুত্ৰ আৰু তিনি বছৰীয়া কন্যাক চিপ লগাই হত্যা কৰি নিজেও চিপ লৈ আত্মহত্যাৰ পথ বাছি লয় ৷
উল্লেখ্য যে মহিলাগৰাকীয়ে ডিঙিত চিপ লৈ থকা অৱস্থাত তেওঁৰ জেষ্ঠ পুত্ৰই প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই স্থানীয় ৰাইজক অৱগত কৰে ৷ স্থানীয় ৰাইজে ঘৰৰ দৰ্জা ভাঙি বচাবলৈ চেষ্টা কৰিছিল যদিও ইতিমধ্যে আটাইকেইগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছিল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে ৷ স্থানীয় ৰাইজে পাৰিবাৰিক কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ বৰ্তমান ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
আৰু পঢ়কঃ শিৱসাগৰত নৃশংস হত্যাকাণ্ড: স্বামীৰ হাতত প্ৰাণ গ'ল মহিলাৰ