হোজাই, 16 ছেপ্তেম্বৰ : হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী 16 বৰ্ষীয় কিশোৰীয়ে নিজ পৰিয়ালক আত্মহত্যাৰ ভাবুকি প্ৰদান কৰা ভিডিঅ' ভাইৰেল হৈ পৰিছে চ'ছিয়েল মিডিয়াত ৷ ভিডিঅ'টোত কিশোৰী গৰাকীয়ে কৰা মন্তব্য অনুসৰি, মোৰাঝাৰৰ কৰৈওনী গাঁৱৰ কিশোৰী গৰাকীক নিজ মাতৃ আৰু খুৰায়েক আব্দুল মন্নানে শুই থকা অৱস্থাতে মোৰাঝাৰৰে পীৰ বজাৰ গাঁৱৰ এজন বিবাহিত পুৰুষৰ লগত বাল্য বিবাহ কৰাই দিয়ে ৷ কিন্তু বিয়াৰ কিছুদিন পাছতে স্বামীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ কথা নিজ পিতৃ - মাতৃক জনাইছিল যদিও কোনো সহাঁৰি লাভ কৰিবলৈ সক্ষম নহ'ল কিশোৰী গৰাকীয়ে ৷ উপায়ন্তৰ হৈ কিশোৰী গৰাকীয়ে পূৰ্বৰ প্ৰেমিকৰ সৈতে পলাই গৈ কোনো অজ্ঞাত স্থানত বাস কৰে ৷ ইয়াৰ পাছতে পিতৃ - মাতৃ আৰু খুৰায়েকক চ'ছিয়েল মিডিয়াৰ জৰিয়তে সকীয়নি প্ৰদান কৰিছে কিশোৰী গৰাকীয়ে ৷ লগতে তেওঁ এই কথাও জনাই যে, আৰক্ষীৰ ওচৰত গৈ গোচৰ ৰুজু কৰিলে আত্মহত্যাৰ পথ বাছি ল'ব ৷
উল্লেখ্য যে, কিশোৰী গৰাকীৰ পৰিয়ালে পূৰ্বেই প্ৰেমিক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল আৰু ইয়াৰ ভিত্তিতে মোৰাঝাৰ আৰক্ষীয়ে প্ৰেমিকক বিচাৰি নাপাই পৰিয়ালক হাৰাশাস্তি কৰি আহিছিল ৷ লগতে কিশোৰী গৰাকীয়ে এই কথাও জানিবলৈ দিয়ে যে, তেওঁ বৰ্তমান প্ৰেমিকৰ সৈতে বসবাস কৰা নাই আৰু বিবাহৰ উপযুক্ত বয়স হ'লেহে আদালতৰ কাষ চাপিব ৷