হোজাই, 6 আগষ্টঃ হোজাইত চোৰ কৰিব আহি ৰাইজৰ হাতত ধৰা পৰিল এটা গভাইড চোৰ ৷ চোৰজনে নিশা হোজাইৰ জামুহণ্ডল মছজিদত চুৰি কাণ্ড সংঘটিত কৰিবলৈ আহি দানপাত্ৰৰ বাকচ ভাঙি চোৰ কৰিবলৈ লওতেই ৰাইজে কৰায়ত্ব কৰে ৷ চোৰ জনক আবদ্ধ কৰি ৰাইজে লপা-থপা দিয়ে ৷ তাৰ পাচতেই চোৰটোক লৈ সমদল কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷
উল্লেখ্য যে, চোৰজনে চুৰি কাৰ্য সংঘটিত হোৱা বুলি স্বীকাৰ কৰে ৷ আনহাতে তেওঁৰ নাম মস্তুফা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ