হোজাই,9 ফেব্ৰুৱাৰীঃ এগৰাকী বিশেষ ব্যক্তি ৷ যি গৰাকী ব্যক্তিৰ কৰ্মই অসমলৈ আনিছে গৌৰৱৰ বতৰা ৷ কেৱল ভাৰত বৰ্ষতে নহয়,বিশ্বতো ব্যক্তি গৰাকীৰ কৰ্মই লাভ কৰিছে অভাৱনীয় সফলতা ৷ গ্ৰীণিজ বুক অৱ ৰেকৰ্ডছৰ পৰা আৰম্ভ কৰি ইউৰোপৰ মহাদেশৰ ৰবাৰ্ট ডি চৰ্বন ইউনিভাৰ্চিটি অফ ফ্ৰান্সলৈকে সমাদৃত হৈছে ব্যক্তিগৰাকীৰ কাৰ্যকলাপ ৷ এসময়ত চিমেন্ট ফেক্টৰীত দিন হাজিৰা কৰিছিল ব্যক্তিগৰাকীয়ে ৷ আনুষ্ঠানিক শিক্ষা বুলি ক'লে সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰিছে ৷ কিন্তু তেওঁ আজি সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমী সকলৰ বাবে আদৰ্শত পৰিণত হৈছে ৷ কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰমৰ বলত উচ্চ শিক্ষা নোলোৱাকৈয়ে লাভ কৰিছে ডক্টৰেট ডিগ্ৰী ৷
![THE UNSUNG HEROS OF ASSAM RAHMAT ALI LASKAR. ORCHID MAN OF ASSAM ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6013087_naagon.jpeg)
হোজাই জিলাৰ এখন সৰু ঠাই উদালি ৷ আমি গৈছিলো তেখেতৰ ঘৰলৈ ৷ উদালিত থকা এখন মনোমোহা নাৰ্ছাৰীয়ে আকৰ্ষণ কৰি আহিছে বিশ্বৰ প্ৰকৃতিপ্ৰেমী সকলৰ মন ৷ দেশ বিদেশৰ বহুতো দুষ্প্ৰাপ্য উদ্ভিদৰ ঠিকনা এই নাৰ্ছাৰীখন ৷ প্ৰকৃতিৰ মেটমৰা সম্ভাৰেৰে ভৰি থকা এই নাৰ্ছাৰীখনৰ অন্তৰালত থকা ব্যক্তিজন হৈছে ডঃ ৰহমত আলী লস্কৰ ৷ এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই নাৰ্ছাৰীখনত সংৰক্ষিত হৈছে দেশ বিদেশৰ বহু বিলুপ্তপ্ৰায় উদ্ভিদ তথা অৰ্কি়ড ৷ এসময়ত চিমেন্ট ফেক্টৰীৰ 25 টকীয়া হাজিৰা কৰা শ্ৰমিক ডঃ ৰহমত আলী লস্কৰৰ উদ্যানত সংৰক্ষিত হৈ আছে
- 1146 টা প্ৰজাতিৰ দুষ্প্ৰাপ্য অৰ্কিড
- বিভিন্ন দেশৰ 260 টা প্ৰজাতিৰ বাঁহ
- সংৰক্ষণ কৰা হৈছে 726 টা প্ৰজাতিৰ ঔষধি গুণযুক্ত উদ্ভিদ
- প্ৰায় 400 প্ৰজাতিৰ আলংকৰিক ফুল
- 230 টা প্ৰজাতিৰ কেকটাছ জাতীয় উদ্ভিদশূন্যৰ পৰা জীৱন সংগ্ৰাম আৰম্ভ কৰা এজম ব্যক্তি
মাত্ৰ সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা ডঃ ৰহমত আলী লস্কৰে কৈ সলসলীয়াকৈ কৈ যাব পাৰে প্ৰতিজোপা উদ্ভিদ তথা অৰ্কিডৰ বৈজ্ঞানিক নাম আৰু ইয়াৰ বিশেষত্বৰ কথা ৷ একান্ত পৰিশ্ৰম,অধ্যৱসায় আৰু কষ্টৰ ফলত নিজকে এগৰাকী আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকৃতিবিদ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা ডঃ ৰহমত আলী লস্কৰে আমাক জনাইছিল উদ্যানখনত থকা বহুতো দুষ্প্ৰাপ্য আৰু মূল্যৱান অৰ্কিডৰ বহু কথা ৷
![THE UNSUNG HEROS OF ASSAM RAHMAT ALI LASKAR. ORCHID MAN OF ASSAM ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6013087_orchid.jpg)
এগৰাকী অৰ্কিড মানৱ হিচাপে খ্যাত ৰহমত আলী লস্কৰৰ উদ্যানৰ পৰা দেশ বিদেশৰ বহু ঠাইলৈ যায় আপুৰুগীয়া অৰ্কিড তথা বনৌষধিৰ গছ ৷ 1994 চনত আৰম্ভ কৰা এখন চালুকীয়া উদ্যান আজি বিশ্ব পৰ্যায়ৰ গৱেষকসকলৰ বাবে গৱেষণাৰ সমল হৈ পৰিছে ৷ মাত্ৰ সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা ডঃ ৰহমত আলী লস্কৰে চিনি পায় 4 হাজাৰৰো অধিক উদ্ভিদ তথা ইয়াৰ বৈজ্ঞানিক নাম ৷ অৰ্কিডৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি অহা এই গৰাকী ব্যক্তিক 2016 চনত ইউৰোপৰ ৰবাৰ্ট ডি চৰ্বন ইউনিভাৰ্চিটি অফ ফ্ৰান্সে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ৷ একেদৰে বৃহৎ সংখ্যক অৰ্কি়ড আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ ফুল, বাঁহ, কেকটাছ আদি সংৰক্ষণৰ বাবে 2017 চনত গ্ৰীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছতো স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ ডঃ ৰহমত আলী লস্কৰে নীৰৱে গ্ৰহণ কৰা এই পদক্ষেপক আজি বিশ্বজুৰি স্বীকৃতি প্ৰদান কৰিছে ৷
![THE UNSUNG HEROS OF ASSAM RAHMAT ALI LASKAR. ORCHID MAN OF ASSAM ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6013087_ful.jpeg)
উল্লেখ্য যে, ভাৰতৰ কেবাখনো ৰাজ্যৰ জুলজিকেল উদ্যানৰো আৰ্হি প্ৰস্তুত কৰিছে ডঃ ৰহমত আলী লস্কৰে ৷ লস্কৰৰ এই সফলতাত আনন্দিত সকলো ৷ নীৰৱে অৰ্কিড সংৰক্ষণৰ কামত লাগি থকা ডঃ ৰহমত আলী লস্কৰৰ অৰ্কিড উদ্যান এই পৰ্যন্ত পৰিদৰ্শন কৰিছে প্ৰায় এহাজাৰৰো অধিক বিদেশী উদ্ভিদবিদ তথা বিজ্ঞানীয়ে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয় সমূহত উদ্ভিদৰ সংবৰ্ধন আৰু সংৰক্ষণৰ ক্ষেত্ৰত বক্তৃতা প্ৰদান কৰি আহিছে উদালিৰ ডঃ ৰহমত আলিয়ে ৷ শূন্যৰ পৰা জীৱন সংগ্ৰাম আৰম্ভ কৰা এইগৰাকী ব্যক্তি আজি অৰ্কিড মেন হিচাপে নায়কত পৰিণত হৈছে সমগ্ৰ দেশতে ৷