হোজাই, 22 জুনঃ অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা । জানিব পৰা মতে,খেৰণি বন বিভাগৰ বিষয়াই পশ্চিম কাৰ্বি আংলঙৰ মুলাবেৰ নামৰ ঠাইত কুণ্ডাসহ জব্দ কৰে এখন শক্তিমান ট্ৰাক। চোৰাং কাঠ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত বন বিভাগে জব্দ কৰে এম এল ০৪-৩৮৭৬ নম্বৰৰ ট্ৰাকখন ।
অৱশ্যে চোৰাং কাঠ সৰবৰাহত জৰিত থকা কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল বন বিষয়া ৷ খেৰণি বন বিভাগৰ বিষয়াই প্ৰদান কৰা তথ্য অনুসৰি , জব্দাকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 25000 টকা ৷ আনহাতে কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লংটাৰ-থেপি আৰু কাৰ্বি-স্কাপত কুণ্ডাসহ দুখন গাড়ী জব্দ কৰিছিল বন বিভাগে ৷
লগতে পঢ়কঃ দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ 5 খন জিলা
এনেদৰে অসম-মেঘালয়ৰ সীমান্তত কুণ্ডাসহ শক্তিমান ট্ৰাক পুনৰ জব্দ হোৱা ঘটনাই ইয়াকে প্ৰমাণ কৰে যে আজিও চোৰাং কাঠৰ বেহা অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত ৷