হোজাই,9 মে': কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশঃ বৃ্দ্ধি পাবলৈ ধৰাত লামডিং চহৰক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিলে জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি 8 মে'ৰ পৰা কণ্টেইনমেণ্ট জ'ন হিচাপে পৰিচিত হ’ল চহৰখন ৷ কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশঃ বৃ্দ্ধি পাবলৈ ধৰাত 14 দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ’ল লামডিং চহৰক ৷
শনিবাৰে পৰা কাৰ্যকৰী হোৱাকৈ আগন্তুক 14 দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণ কৰা হয় অঞ্চলটো ৷ এই সময়ত বাহিৰৰ পৰা অহা কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব অঞ্চলটোত ৷ বেনাৰ আঁৰি কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে অঞ্চলবাসীৰ বাবে । কিন্তু 8-12 বজালৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ নিৰ্দেশ দিয়াৰ উপৰিও সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন ৷
![কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে লামডিং চহৰক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-09may-lumdin-covid-vis-byte-photo-10015_09052021105155_0905f_1620537715_546.jpg)
লগতে পঢ়ক: ক’ভিড ১৯ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি: এজাহাৰ দাখিল