ETV Bharat / state

বাক্সাৰ নাৰায়ণপুৰত শিক্ষক দিৱস পালন - Adarsh Cluster level fedaration

ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বাক্সাৰ নাৰায়ণপুৰত শিক্ষক দিৱস পালন । আদৰ্শ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত নাৰায়ণপুৰত শিক্ষক দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ।

Teachers day celebration at Baksa
বাক্সাৰ মুছলপুৰত শিক্ষক দিৱস পালন
author img

By

Published : Sep 6, 2021, 12:50 PM IST

বাক্সা, ৬ ছেপ্তেম্বৰ : দেশৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় । দেওবাৰে বাক্সা জিলাৰ মুছলপুৰৰ কেইবাটাও স্থানত শিক্ষক দিৱস পালন কৰা হয় ।

ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আৰু আদৰ্শ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত নাৰায়ণপুৰত শিক্ষক দিৱস পালন কৰা হয় । গীতিকা হালৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প বিষয়া পামী ব্ৰহ্মই শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷

তেওঁ কয় যে, 'শিক্ষকসকলৰ ত্যাগ আৰু কষ্টৰ ফলতে আজি আমি সমাজত মানুহ ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছো আৰু সেয়েহে শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা সদায় অটুট থকা উচিত'। এই অনুষ্ঠানত কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । ইফালে, সভাত উপস্থিত থাকি নাৰায়ণপুৰ মিলন হাইস্কুলৰ প্ৰধান শিক্ষক পানীৰাম ৰামচিয়াৰীয়ে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু দৰ্শনৰ বিষয়ে বৰ্ণনা কৰে ৷

সভাত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বাক্সা জিলা কাৰ্যকৰী বিশেষজ্ঞ প্ৰণামী দাস, শিক্ষক ফুকন দৈমাৰী, বাসন্তী বসুমতাৰী, ৰঞ্জু ব্ৰহ্ম, পল্লৱী দেৱী, আদৰ্শ ক্লাষ্টাৰ ফেডাৰেশ্যনৰ সভানেত্ৰী অঞ্জু দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন, ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সম্পন্ন কৰা হয় । ইয়াৰ পাছতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰে । উল্লেখ্য যে ৰাজ্যিক জীৱিকা অভিযানৰ বাক্সা উন্নয়ন খণ্ডৰ অধীনৰ চাৰিটা মণ্ডল সংগঠক ক্ৰমে কুঁহি, পাহি, আদৰ্শ আৰু চানলাইটৰ উদ্যোগত দেওবাৰে মুছলপুৰৰ মহকুমাৰ বিভিন্ন ঠাইত পৃথকে পৃথকে শিক্ষক দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক: শিক্ষক দিৱসত ধুবুৰীৰ ৩২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.