ETV Bharat / state

লাহৰিঘাটত উদ্ধাৰ চুৰি হোৱা চিমেণ্ট ভৰ্তি ট্ৰাক - ডবকা আৰক্ষী

অৱশেষত ডবকা(Doboka) আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল চুৰি হোৱা চিমেণ্ট(Cement) ভৰ্তি ট্ৰাক । লাহৰিঘাটৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে ট্ৰাকখন উদ্ধাৰ কৰে । আৰক্ষীৰ অভিযানৰ সময়ত ট্ৰাকখনত আছিল ৭২৯ বেগ চিমেণ্ট ।

Stolen truck recovered at Doboka
লাহৰিঘাটত উদ্ধাৰ চুৰি হোৱা চিমেণ্ট ভৰ্তি ট্ৰাক
author img

By

Published : Aug 26, 2021, 4:59 PM IST

হোজাই, ২৬ আগষ্ট: ডবকা আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল চুৰি হোৱা ডালমিয়া চিমেণ্ট কোম্পানীৰ চিমেণ্ট ভৰ্তি ট্ৰাক । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে লাহৰিঘাটৰ এজন লোকৰ বাসগৃহৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰে । জানিব পৰা মতে, কিছু দিন পূৰ্বে লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীয়ে ট্ৰাকখনেৰে ৮০০ বেগ চিমেণ্ট যোৰহাটলৈ প্ৰেৰণ কৰিছিল । কিন্তু কোম্পানী কৰ্তৃপক্ষৰ অভিযোগ মতে, ট্ৰাকখনৰ চালকে চিমেণ্ট ভৰ্তি ট্ৰাকখন যোৰহাটলৈ নিয়াৰ পৰিৱৰ্তে নগাঁৱৰ লাহৰিঘাটত বিক্ৰী কৰি দিয়ে ।

এই ঘটনা সন্দৰ্ভত লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীয়ে ডবকা আৰক্ষীক অভিযোগ দাখিল কৰে । উক্ত অভিযোগৰ ভিত্তিত ডবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । অৱশেষত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে লাহৰিঘাটৰ এজন লোকৰ বাসগৃহত অভিযান চলাই চুৰি হোৱা ট্ৰাক খন আৰু ৭২৯ বেগ চিমেণ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ডালমিয়া চিমেণ্ট কোম্পানীয়ে ট্ৰাকখনত ৮০০ বেগ চিমেণ্ট আছিল বুলি দাবী কৰিছে যদিও আৰক্ষীৰ অভিযানৰ সময়ত ৭২৯ বেগ চিমেণ্টহে উদ্ধাৰ হয় ।

লাহৰিঘাটত উদ্ধাৰ চুৰি হোৱা চিমেণ্ট ভৰ্তি ট্ৰাক

ডবকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে,বৰ্তমান চালকজনৰ লগতে চুৰি হোৱা চিমেণ্ট ক্ৰয় কৰা লোকজনকো আৰক্ষীয়ে আটক কৰিছে ।

লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰে আৰু দুজন লোক জড়িত হৈ আছে বুলি আৰক্ষীয়ে জনাইছে । শীঘ্ৰেই এই দুজন লোকো আৰক্ষীৰ জালত পৰিব বুলি আশা কৰিছে ডবকা আৰক্ষীয়ে ।

লগতে পঢ়ক:ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব 'Green tea'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.