ETV Bharat / state

হোজাইত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ - হোজাই

কৰ'ণা ভাইৰাছৰে মোকাবিলা কৰিবলৈ হোজাইত প্ৰশাসন আৰু বিধায়কৰে পৰ্যালোচনা বৈঠকত মঙলবাৰে মিলিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷

Minister PJ'S Hajarika Observing situation in hojai.
পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ
author img

By

Published : Mar 31, 2020, 11:38 PM IST

হোজাই,31 মাৰ্চঃ ৰাজ্যৰ স্বাস্থ্য বিভাগে যুদ্ধংদেহি তৎপৰতাৰে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে প্ৰস্তুতি চলাই থকাৰ মাজতে মঙলবাৰে হোজাইত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ উপায়ুক্ত,উচ্চ পদস্থ বিষয়াৰ লগতে বিধায়ক সকলৰ লগত উপায়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত মিলিত হয় । জিলাখনৰ সাম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি যোগীযান মডেল চিকিৎসালয়ত কৰ'ণাত আক্ৰান্ত লোকৰ বাবে সুকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ লগতে হোজাই গ্ৰাম্য চিকিৎসালয়খন সাধাৰণ ৰোগীৰ বাবে খোলা ৰখাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ৷ পৰ্যায়ক্ৰমে জিলাখনৰ কেবাখনো চিকিৎসালয়ত কোৱাৰেণ্টাইন কেম্পৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি চিকিৎসালয়ৰ বহিৰ্বিভাগ বন্ধ কৰা নহয় বুলি প্ৰকাশ কৰে ৷

পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ

ইপিনে,ৰাজ্য চৰকাৰে চলিত মাহৰ পৰা ঘোষণা কৰা বিনামূলীয়া চাউল আদি লাভৰ ক্ষেত্ৰত কি ব্যৱস্থা আছে সেইবিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয় । মঙলবাৰৰ পৰা চাহ বাগানসমূহত শ্ৰমিক সকলক কৰ্ম কৰিবলৈ দিয়াৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে চাহ বাগিচা সমূহত পাত আৰু ঔষধ স্প্ৰে নকৰিলে সমগ্ৰ উদ্যোগতো ধ্বংসৰ মুখলৈ গতি কৰিব বুলি কয় । সেয়ে শ্ৰমিক সকলক কৰ্মৰ অনুমতি প্ৰদান কৰা হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে চাওকঃঅসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.