ETV Bharat / state

বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবেহে গঠন হৈছে এজেপি দল: শিলাদিত্য দেৱ

শুকুৰবাৰে নৱগঠিত অসম জাতীয় পৰিষদ দলৰ বিৰুদ্ধে বহু সমালোচনাত্মক মন্তব্য প্ৰদান কৰে প্ৰায়েই বিতৰ্কৰ আবৰ্তত থকা বিধায়ক শিলাদিত্য দেৱে ৷

শিলাদিত্য দেৱ
শিলাদিত্য দেৱ
author img

By

Published : Sep 25, 2020, 7:54 PM IST

হোজাই, 25 ছেপ্তেম্বৰ: বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবেহে গঠন কৰা হৈছে অসম জাতীয় পৰিষদ দল (এজেপি) ৷ শুকুৰবাৰে সংবাদ মাধ্যমযোগে এই মন্তব্য প্ৰদান কৰে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৷ ইয়াৰোপৰি তেওঁ কয় যে, "এইটোৱেই হৈছে এআইইউডিএফৰ এজেণ্ডা ৷ তেওঁলোকে দলটোৰ নাম এজেপি ৰাখিছে হয় ; কিন্তু তাৰ লাভটো পাব এজিপি (অগপ) য়ে ৷ কিয়নো ভিতৰুৱা অঞ্চলৰ লোকে নাজানে কি এজেপি ৷ জালিয়াতি কৰি দল গঠন কৰি তেওঁলোকে যদি ভাবিছে চৰকাৰ বনাব তেন্তে, ইতিমধ্যে অসমীয়া ৰাইজে ভালকৈ বুজি পাইছে যে এজেপি চৰ-চাপৰিৰ দল ৷ তেওঁলোক এআইইউডিএফৰ দল ৷" আনহাতে লুৰিণজ্যোতি গগৈৰ বিষয়েও কটুক্তিমূলক বক্তব্য প্ৰদান কৰে প্ৰায়েই বিতৰ্কৰ আবৰ্তত থকা বিধায়ক গৰাকীয়ে ৷

বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবেহে গঠন হৈছে এজেপি: শিলাদিত্য দেৱ

অসমীয়া ৰাইজৰ বিজেপি দলৰ ওপৰত আস্থা আছে ৷ অসমীয়া ৰাইজে ভালদৰে জানে যে, অসমক যদি শক্তিশালী আৰু উন্নয়নৰ পথত নিব লাগে তেন্তে তাৰ বাবে 2021ৰ নিৰ্বাচনত পুনৰ বিজেপি চৰকাৰক জয়যুক্ত কৰি চৰকাৰ গঠন কৰিব ৷ আনহাতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা জন্মগত মিত্ৰতা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ কংগ্ৰেছে কেতিয়াও সংখ্যালঘু দলৰ সহায় নোহোৱাকৈ চলিব নোৱাৰে বুলিও কয় তেওঁ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.