হোজাই, 6 জুলাই : COVID 19ত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হয় জেষ্ঠ বিজেপি নেতা ৰাম অৱতাৰ ভগতৰ ৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ GMCH হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৰাম অৱতাৰ ভগতক ৷ স্বাস্থ্য কৰ্মীসকলে তেওঁৰ স্বাৱ পৰীক্ষণ বাবে নমুনা সংগ্ৰহ কৰে যদিও ফলাফল অহাৰ পূৰ্বে মৃত্যু হয় জেষ্ঠ বিজেপি নেতাগৰাকীৰ ৷ মৃত্যুৰ পাছত তেওঁৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে ৷
লগতে পঢ়়কঃ অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ
স্বাস্থ্যকৰ্মী তথা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি,ৰাম অৱতাৰ ভগতৰ মৃতদেহটো নিজ গৃহলৈ অনাৰ পৰিৱৰ্তে চৰকাৰী নিয়মমতে,দেওবাৰে গুৱাহাটী বিৰুবাৰী শ্মশানত জেষ্ঠ বিজেপি নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ ৰাম অৱতাৰ ভগতৰ শেষকৃত্য অনুষ্ঠানত হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ উপস্থিত থাকি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ ইফালে জেষ্ঠ নেতাগৰাকীৰ মৃত্যুত হোজাই জিলাৰ বিজেপি কৰ্মকৰ্তাৰ মাজত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।