হোজাই , ১৫ জানুৱাৰী : বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য়ৰে চৰ্চা লাভ কৰা সত্য়ৰঞ্জন বৰা এইবাৰ প্ৰতিবাদত বহিল । নিজ সমৰ্থকৰ সৈতে হোজাইত প্ৰতিবাদত বহিল নেতাগৰাকী । জিলাখনৰ লংকা আৰক্ষী থানাৰ প্ৰৱেশ গেটতে একাংশ সমৰ্থকৰ সৈতে প্ৰতিবাদত বহে নেতাজন । নেতাজনক ফোনত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰায়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে সত্যৰঞ্জন বৰাই ।
আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিলে প্ৰতিবাদকাৰীয়ে । ইফালে শুকুৰবাৰে লস্কৰপথাৰ বজাৰত দুৰ্বৃত্তই সত্যৰঞ্জন বৰাক আক্ৰমণো কৰিছিল । যাৰ বাবে দোষীক আটক কৰাৰো দাবী জনাই প্ৰতিবাদকাৰী আৰু সত্য়ৰঞ্জন বৰাই ।
লগতে পঢ়ক :শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী