হোজাই,15 জানুৱাৰী : হোজাই জিলা লংকা আৰক্ষী থানাত শুকুৰবাৰে সন্ধিয়া তিব্ৰ উত্তেজনাৰ সৃষ্টি হয় । হোজাইত সাধাৰণ ৰাইজৰ পহু খেদা খোৱাৰ পিচতে সিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই হোজাই জিলাত এক এজাহাৰ দাখিল কৰিছিল ৷
হোজাই আৰক্ষীয়ে সিন্দুত্ববাদী নেতা বৰাৰ এজাহাৰ গ্ৰহণ নকৰাত হোজাই আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ে ফোন যোগে ধমকি দিয়াৰ অভিযোগ তুলিছিল নেতাগৰাকীয়ে ৷ ইয়াৰ পিচতে অভিযোগৰ ভিত্তিত অধিক্ষক গৰাকীৰ ধমকি দিয়াৰ কাৰ্যত সৰৱ হৈ হোজাই থানাৰ সন্মুখত আমৰণ অনশনত বহাৰ হুংকাৰ দিয়ে সিন্দুত্ববাদী নেতা বৰাই ৷
অৱশেষত হোজাই জিলাৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাত উক্ত অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে বুলি সাংবাদিকক জানিবলৈ দিছে সত্যৰঞ্জন বৰাই ৷ উল্লেখ্য যে,শুকুৰবাৰে হোজাইৰ লস্কৰপথাৰত এখন সভাত অংশগ্ৰহণ কৰিব বাবে সত্যৰঞ্জন বৰাই উপস্থিত হৈছিল ৷ উক্ত সময়তেই সত্যৰঞ্জন বৰাক পহু খেদা দিয়ে স্থানীয় একাংশ লোকে ৷
লগতে পঢ়ক : হোজাইত সত্যৰঞ্জন বৰাক পহুখেদা উত্তেজিত ৰাইজৰ