ETV Bharat / state

বিধায়ক শিলাদিত্য দেৱৰ সমষ্টিৰ পথৰ দুৰৱস্থা

author img

By

Published : Jul 22, 2020, 1:42 PM IST

বিজেপি দলৰ প্ৰতিগৰাকী বিধায়কৰ নিজ-নিজ সমষ্টি উন্নয়নৰ ৰিপৰ্ট কাৰ্ডৰ কথা ওলোৱাৰ লগে-লগে লম্ফ-জম্ফৰে চিঞৰ বাখৰ কৰি দলত অৱসৰৰ কথা কৈ এক সুবিধাবাদী ৰাজনীতিকৰ ভূমিকা লোৱা বিধায়ক শিলাদিত্য দেৱৰ সমষ্টিৰ উন্নয়নৰ এটা উদাহৰণ চাওঁক । বিধায়ক গৰাকীৰ সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথ । হোজাই-যোগীজান সংযোগী এই পথৰ দুৰৱস্থাই এতিয়া জীয়াতু ভোগাইছে পথচাৰীক ৷ পথটোত প্ৰায়েই সংঘটিত হৈছে দুৰ্ঘটনা ৷ আহত হ'ব লগা হৈছে বহু কেইজন পথচাৰী ৷ ইয়াৰ পিছতো এই লৈ কোনো গুৰুত্ব নাই বিধায়ক গৰাকীৰ ।

road-condition-of-siladitya-devs-constitution
বিধায়ক শিলাদিত্য দেৱৰ সমষ্টিৰ পথৰ দুৰৱস্থা

হোজাই,২২জুলাই: হোজাই-যোগীজান সংযোগী এটা গড়কাপ্তানি পথৰ দুৰৱস্থা । মেৰামতিৰ অভাৱত পথৰ অৱস্থা হৈ পৰিছে তথৈবচ । উপায়বিহীন পথাচাৰীয়ে ইমান ভয়াৱহ অৱস্থাৰ পিছতো উক্ত পথটো ব্যৱহাৰ কৰিবলৈ হৈছে ।

পথৰ মাজত যেন খান্দিহে থৈছে একো একোটা পুখুৰী ৷ ইয়াৰ ওপৰেদিয়েই দৈনিক যাতায়ত কৰিব লগা হয় সকলোৱে ৷ পথছোৱাৰ এনে দুৰবস্থাৰ বাবে দৈনিক সংঘটিত হোৱা দুৰ্ঘটনাত বৰ্তমানলৈ আহত হৈছে বহু লোক ৷ কিন্তু ইয়াৰ পিছতো পথছোৱাৰ উন্নয়ণৰ বাবে আজিলেকৈ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰিলে নিজকে সফল বিধায়ক বুলি দাবী কৰা স্থানীয় বিধায়ক শিলাদিত্য দেৱে।

কেৱল দলৰ মজিয়াত নিজৰ গুৰুত্ব বঢ়াবলৈকে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি সস্তীয়া প্ৰচাৰ কৰি অহা এই গৰাকী বিধায়কৰ নিজৰ সমষ্টিৰ এয়া মাথো এটা উদাহৰণহে ।

পথটোৰ পুনৰ নিৰ্মাণতো বাদেই, সংশ্লিষ্ট কতৃপক্ষৰ দ্বাৰা পথত জমা হোৱা পানীখিনি নিষ্কাষণ কৰাবলৈকো অপাৰগ এইগৰাকী বিধায়ক। উপায়ন্তৰ হৈ স্থানীয় লোক সকলেই নামি পৰিল পথত জমা হোৱা পানী নিষ্কাষণৰ কামত । বিধায়ক গৰাকীৰ এনে অদক্ষ্যতাক লৈ এতিয়া অধিক অসন্তুষ্ট হৈ পৰিছে স্থানীয় লোক সকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.