ETV Bharat / state

হোজাইত বিজেপি কৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

বিজেপি কৰ্মী কৰ্ণকুণ্ডল ভৰালীৰ কৰ্মকাণ্ডৰ বিতৰ্কৰ ঢৌ মাৰ নৌযাওঁতেই পুনৰ খবৰৰ চৰ্চালৈ আহিছে হোজাইৰ এগৰাকী বিজেপি কৰ্মীৰ কাণ্ড ৷ লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিৰ 3 নং খাগৰীজানত এগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷ কৰ্মীগৰাকীৰ একেখন গাঁৱৰে দুটি সন্তানৰ মাতৃ এগৰাকী বিধৱা মহিলাই উত্থাপন কৰিছে ধৰ্ষণৰ অভিযোগ ৷

Rape case against bjp worker at hojai assam etv bharat news
বিজেপি কৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ
author img

By

Published : Jul 16, 2020, 3:35 PM IST

হোজাই,16 জুলাই: বিতৰ্কই লগ নেৰা হৈছে বিজেপি দলক ৷ বিজেপি কৰ্মী কৰ্ণকুণ্ডল ভৰালীৰ কৰ্মকাণ্ডৰ বিতৰ্কৰ ঢৌ মাৰ নৌযাওঁতেই পুনৰ খবৰৰ চৰ্চালৈ আহিছে হোজাইৰ এগৰাকী বিজেপি কৰ্মীৰ কাণ্ড ৷ ঘটনাৰ বিৱৰণী অনুসৰি,লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিৰ 3 নং খাগৰীজানত এগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ ৷ কৰ্মীগৰাকীৰ একেখন গাঁৱৰে দুটি সন্তানৰ মাতৃ এগৰাকী বিধৱা মহিলাই উত্থাপন কৰিছে ধৰ্ষণৰ অভিযোগ ৷ মহিলাগৰাকীৰ ভাষ্য অনুসৰি,বিগত 12 জুলাইত চৰকাৰী অনুদানৰ প্ৰসংগত মহিলাগৰাকীয়ে গৈছিল বিজেপিৰ বুথ কমিটিৰ সভাপতিগৰাকীৰ ঘৰলৈ ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে সভাপতিগৰাকীৰ ঘৰৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাত অনুসৰণ কৰি গৈ সভাপতিগৰাকীয়ে নিৰ্জন ঠাইৰ সুযোগ গ্ৰহণ কৰি বলপূৰ্বকভাৱে অপকৰ্মত লিপ্ত হৈছিল ৷ ঘটনা প্ৰসংগত পৰিয়ালক সকলো অৱগত কৰাত পৰিয়ালৰ পৰামৰ্শমতে ভুক্তভোগী মহিলাগৰাকীয়ে নখুটী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷

বিজেপি কৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

কিন্তু ৰাজ্যত শাসনাধীন বিজেপি দলৰ কৰ্মী হোৱা হেতুকে এইপৰ্যন্ত অভিযুক্তৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷ উপায়বিহীন মহিলাগৰাকীয়ে বিষয় প্ৰসংগত কাষ চাপে সংবাদ মাধ্যমৰ ৷ সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হোৱাৰ পিছত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷ নে একমাত্ৰ বিজেপি দলৰ সদস্য হোৱা হেতুকে অভিযুক্ত সাৰি যাব সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷

বিতৰ্কই লগ নেৰা হৈছে বিজেপিক

লগতে চাওকঃ যোৰহাটত ফ্লপ শ্ব’লৈ পৰিণত লক ডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.