হোজাই, 15 নৱেম্বৰ : হোজাইৰ নেতাজীৰ প্ৰতিমূৰ্তিৰ সমীপত সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ। হোজাইত নতুনকৈ নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুখনে চহৰখনৰ ধ্বংস কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ হোজাইৰ পুৰণা বজাৰৰ পৰা হোজাই ৰে’ল ষ্টেচনৰ ওপৰেৰে হোজাইৰ নতুন বজাৰক সংযোগ কৰাকৈ নিৰ্মাণ কৰা হৈছে উৰণীয়া সেঁতুখন ৷
উল্লেখ্য যে, এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণত খুটাৰ পৰিৱৰ্তে পকা কৰি মাটিৰে ভেটা দিয়া হৈছে ৷ ইয়াৰক দ্বাৰ চহৰখনৰ ব্যৱসায়ীসকলৰ ব্যৱসায়ত প্ৰভাৱ পৰা বুলি হোজাইৰ ব্যৱসায়ী সংস্থা আৰু সচেতন নাগৰিক মঞ্চৰ ৷ এই কাৰ্যৰ বিৰুদ্ধেই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে হোজাইৰ ব্যৱসায়ী সংস্থা আৰু সচেতন নাগৰিক মঞ্চই ৷
ইয়াৰোপৰি প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে হোজাই ক্ৰীড়া সংস্থাত চলোৱা দূৰ্নীতি তথা অৰাজকতাৰ বিৰুদ্ধেও প্ৰতিবাদ সাৱ্যস্ত কৰে হোজাই ব্যৱসায়ী সংস্থাই । উক্ত প্ৰতিবাদত অৰ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : ICC T20 WC Final : নিউজিলেণ্ডক হৰুৱাই খিতাপ দখল অষ্ট্ৰেলিয়াৰ