ETV Bharat / state

পুনৰ চৰকাৰী চাকৰিৰ পৰা বঞ্চিত থলুৱা শিক্ষিত যুৱক-যুৱতী - ৰঙিয়া মাণ্ডলিক ৰে'ল প্ৰৱন্ধক

লামডিঙত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ দপদপনি ৷ কেৱল ৰে'ল বিভাগক ব্যক্তিগত কৰাই নহয় জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰে ৰাজ্যৰ ৰে'ল বিভাগত থলুৱা যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন ৷ ইয়াকে লৈ ৰঙিয়া মাণ্ডলিক ৰে'ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই ৷

চৰকাৰী চাকৰিৰ পৰা বঞ্চিত থলুৱা  শিক্ষিত যুৱক-যুৱতী
author img

By

Published : Oct 16, 2019, 6:33 PM IST

হোজাই, ৰঙিয়া ,16 অক্টোবৰঃ লামডিং ৰে'লৱেৰ মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত অসমৰ থলুৱা শিক্ষিত যুৱক যুৱতীক বঞ্চিত কৰি বহিঃ ৰাজ্যৰ পৰা প্ৰতিদিনে দুই শতাধিক যুৱক-যুৱতীয়ে যোগদান কৰিছে ৰে'লৱে চাকৰিত ৷ অসমৰ বাহিৰৰ বিহাৰ,ৰাজস্থান,উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানৰ যুৱক-যুৱতীয়ে উত্তৰ পূব সীমান্ত ৰে'লৱেত চাকৰিত যোগদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সচেতন ৰাইজে এতিয়া ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷ ৰাজ্যত শিক্ষিত যুৱক যুৱতী নাই নে অসমৰ শিক্ষিত যুৱক যুৱতীৰ প্ৰতিভা নাই ? যদি আছে কিয় অসমৰ থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিঃৰাজ্যৰ ল'ৰাই ৰে'লৱেৰ চাকৰিত যোগদান কৰিছে বুলি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ৷ ইয়াত অসম বিৰোধী চক্ৰৰ চক্ৰান্ত আছে বুলিও সন্দেহ প্ৰকাশ কৰিছে লামডিঙৰ ৰাইজে।

চৰকাৰী চাকৰিৰ পৰা বঞ্চিত থলুৱা শিক্ষিত যুৱক-যুৱতী

ইয়াকে লৈ ৰঙিয়া মাণ্ডলিক ৰে'ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই ৷ ৰে'লমন্ত্ৰী পীযুষ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ৰে'ল বিভাগ হায় হায়,ৰে'লমন্ত্ৰী পীযুষ গোৱেল মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ নেতা সকলে। লামডিং সংমণ্ডলত বহিঃৰাজ্যৰ পৰা অহা ৮৯৪ জন প্ৰাৰ্থীৰ যোগদানৰ পিছতে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে,বুধবাৰে ৰঙিয়া সংমণ্ডলত প্ৰায় অৰ্ধ শতাধিক প্ৰাৰ্থীয়ে যোগদান কৰিবলৈ আহিছিল। পিছে প্ৰতিবাদী সকলে তেওঁলোকক কাৰ্যালয়ৰ ভিতৰতে আৱদ্ধ কৰি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। ৰে'ল বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিত থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ। বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত এশ শতাংশ থলুৱা প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবী ছাত্ৰ সন্থাৰ। অন্যথা গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সকলোৱে।

Intro:লামডিং ৰেলৱেত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ দোপদপনি।Body:লামডিংত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ দোপদপনি।

কেৱল ৰেল বিভাগক ব্যক্তিকত কৰাই নহয় জাতি মাটি ভেটি ৰক্ষাৰ কথা প্ৰতিশ্ৰুতিৰে গদিত বহা বৰ্তমান চৰকাৰে ৰাজ্যত ৰেল বিভাগত থুলুৱা যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত অসমৰ থলুৱা শিক্ষিত যুৱক যুৱতীক বঞ্চিত কৰি বহিঃ ৰাজ্যৰ পৰা প্ৰতিদিনে দুই শতাধিক যুৱকে ৰেলৱে চাকৰিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে।
অসমৰ বাহিৰৰ পৰা বিহাৰ ৰাজস্থান, উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা প্ৰতিদিনে লামডিংত উত্তৰ পূব সীমান্ত ৰেলৱেত চাকৰিৰ যোগদানৰ কৰা পৰিলক্ষিত হৈছে।
সচেতন ৰাইজৰ প্ৰশ্ন ৰাজ্যত শিক্ষিত যুৱক যুৱতী নাই নেকি । অসমৰ শিক্ষিত যুৱক যুৱতীৰ প্ৰতিভা নাই নে। যদি আছে কিয় অসমৰ থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিঃ ৰাজ্যৰ লৰাই ৰেলৱেত চাকৰিত যোগদান কৰিছে।
ইয়াত অসম বিৰোধী চক্ৰৰ চক্ৰান্ত নিকী বুলি প্ৰশ্ন উত্থাপন কৰিছে লামডিংৰ ৰাইজে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.