ETV Bharat / state

বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ - যৌথ সংগ্ৰামী মঞ্চ

হোজাইত যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে অনুষ্ঠিত হয় এক বৃহৎ গণ সমাবেশ ৷ সমাৱেশত সাংবাদিক অজিত কুমাৰ ভুঞা, সাংবাদিক অদীপ কুমাৰ ফুকনৰ উপৰিও উপস্থিত থাকে বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি ৷

ৰণ হুংকাৰ
বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ
author img

By

Published : Jan 19, 2020, 11:43 PM IST

হোজাই, 19 জানুৱাৰীঃ হোজাইৰ সদৰ শংকৰদেৱ নগৰত নাগৰিকত্ব সংশোধনী আইন(২০১৯) বিৰোধী প্ৰতিবাদ ৷ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে অনুষ্ঠিত হয় এক বৃহৎ গণ সমাবেশ ৷ গণ সমাবেশস্থলীত সমবেত সকলে বিভিন্ন শ্ল'গানেৰে আইনখন বাতিল কৰিবলৈ অন্তিমবাৰলৈ সকীয়াই দিয়ে ৷ আইনখন বাতিল নকৰিলে বিজেপি চৰকাৰক যমুনা নৈত উটুৱাই দিবলৈ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ

সমাবেশত সাংবাদিক অজিত কুমাৰ ভুঞা, সাংবাদিক অদীপ কুমাৰ ফুকন, জিয়াউৰ ৰহমান, অধিবক্তা ৰোহিনা ৱাৰিছে ভাষণ প্ৰদান কৰি সোণোৱাল আৰু মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ আনহাতে, বিতৰ্কিত বিধায়ক শিলাদিত্যৰ দেৱৰ গৃহ জিলাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দহ সহস্ৰাধিক জনতাই ৰণ হুংকাৰ দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আৰু পঢ়কঃ কাজিৰঙা ৰিজৰ্টৰ পৰা আটক ধৰ্ষণ কাণ্ডত অভিযুক্ত মোজ্জামিল হক

Intro:বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেৱৰ গৃহ জিলাতে কা'ৰ বিৰুদ্ধে দহ সহস্ৰাধিক ৰাইজৰ ৰণ হুংকাৰ৷Body:বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেৱৰ গৃহ জিলাতে কা'ৰ বিৰুদ্ধে দহ সহস্ৰাধিক ৰাইজৰ ৰণ হুংকাৰ৷

কা' বাতিল নকৰিলে বিজেপি চৰকাৰক যমুনা নৈত উঠুৱাই দিবলৈ প্ৰতিজ্ঞাৱদ্ধ দহ সহস্ৰাধিক জনতা৷

ৰণ হুংকাৰ সমাবেশত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভুঞা, অদীপ কুমাৰ ফুকন, সংগ্ৰামী যুৱ নেতা শৃংখল চলিহা সহ বিভিন্ন দল সংগঠনৰ অংশগ্ৰহণ৷

হোজাইৰ সদৰ শংকৰদেৱ নগৰত নাগৰিকত্ব সংশোধনী আইন(২০১৯) বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আজি কা'ৰ বিৰুদ্ধে অনুষ্ঠিত হয় এক বৃহৎ গণ সমাবেশ৷গণ সমাবেশস্থলীত সমবেত সকলে কা' আমি নামানো, আহ ঐ আহ- সকলো অসমীয়া এতিয়াই ওলাই আহ আদি ধ্বনিৰে বিজেপি চৰকাৰক কা' বাতিল কৰিবলৈ অন্তিমবাৰলৈ সকীয়াই দিয়ে৷কা' বাতিল নকৰিলে বিজেপি চৰকাৰক যমুনা নৈত উঠুৱাই দিবলৈ হুংকাৰ প্ৰদান কৰে সকলোৱে৷সমাবেশত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভুঞা, সাংবাদিক অদীপ কুমাৰ ফুকন, জিয়াউৰ ৰহমান, অধিবক্তা ৰোহিনা ৱাৰিছে ভাষণ প্ৰদান কৰি সৰ্বা আৰু মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷বিতৰ্কিত বিধায়ক শিলাদিত্যৰ দেৱৰ গৃহ জিলাতে কা'ৰ বিৰুদ্ধে দহ সহস্ৰাধিক জনতাই ৰণ হুংকাৰ দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.