ETV Bharat / state

হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল - আত্মসাৎ

বিগত সময়ছোৱাত বিভিন্ন দুৰ্নীতিৰ মুখা খুলি কোটি কোটি টকা আত্মসাৎ কৰা লোকৰ বিৰুদ্ধে সৰৱ হৈছিল কৃষক মুক্তিৰ হোজাই জিলা সমিতি ৷ সমিতিৰ অভিযোগৰ ভিত্তিত দেৱস্থান আৰক্ষীয়ে দুৰ্নীতিত লিপ্ত লোকসকলৰ ওপৰত আইনগত ব্যৱস্থাও গ্ৰহণ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলাৰ উপ-সভাপতি গৰাকীৰ বিৰুদ্ধে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ আৰম্ভ কৰা বুলি সংবাদমেলত অভিযোগ কৰে সংগঠনটোৱে ৷

Press meet of Hojai District KMSS
হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
author img

By

Published : Jul 29, 2020, 8:01 PM IST

হোজাই,29 জুলাইঃ লম্পট ৰমজান আলী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য নহয় ৷ আজি এক সংবাদমেল যোগে এই কথা অৱগত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলা সমিতিয়ে ৷সংবাদমেলত দেৱস্থান আঞ্চলিক সমিতিৰ সদস্যসকলৰ বিৰুদ্ধে এটা দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰাৰ অভিযোগ তোলে হোজাই জিলা সমিতিৰ সহঃসম্পাদক হিলাল আহমেদে ৷

হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

ইয়াৰ উপৰি বিগত সময়ছোৱাত বিভিন্ন দুৰ্নীতিৰ মুখা খুলি কোটি কোটি টকা আত্মসাৎ কৰা লোকৰ বিৰুদ্ধে সৰৱ হৈছিল কৃষক মুক্তিৰ হোজাই জিলা সমিতি ৷ সমিতিৰ অভিযোগৰ ভিত্তিত দেৱস্থান আৰক্ষীয়ে দুৰ্নীতিত লিপ্ত লোকসকলৰ ওপৰত আইনগত ব্যৱস্থাও গ্ৰহণ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলাৰ উপ সভাপতি গৰাকীৰ বিৰুদ্ধে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ আৰম্ভ কৰা বুলি সংবাদমেলত অভিযোগ কৰে সংগঠনটোৱে ৷

আনহাতে,সংবাদমেলৰ জৰিয়তে কঠোৰ সকীয়নি প্ৰদান কৰি অনাগত দিনত এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ৷

উল্লেখযোগ্য যে,কিছুদিন পূৰ্বে দেৱস্থানত ৰমজান আলী নামৰ এজন লম্পটক স্থানীয় ৰাইজে আটক কৰি দেৱস্থান আৰক্ষীক চমজাই দিছিল ৷ইয়াৰ পিছতে লম্পট ৰমজান আলীক কৃষক মুক্তিৰ এখন প্ৰতিবাদী সভাত উপস্থিত থকাৰ এখন ফটো প্ৰচাৰ হৈছিল ৷ যাৰ বাবে ৰমজান আলী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বুলি অঞ্চলটোত চৰ্চিত হৈছিল ৷

লগতে পঢ়কঃবানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.