ETV Bharat / state

পোষণ মাহৰ লগত সংগতি ৰাখি হোজাইত বিশেষ শোভাযাত্ৰা

author img

By

Published : Sep 2, 2021, 6:23 PM IST

১ ছেপ্তেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী । অসমৰ প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে এই বিশেষ কাৰ্যসূচীৰ । হোজাই জিলাত কি কি কাৰ্যসূচীৰে পোষণ মাহ উদযাপন কৰা হ'ব ?

Poshan maah
পোষণ মাহৰ লগত সংগতি ৰাখি হোজাইত বিশেষ শোভাযাত্ৰা

হোজাই,২ ছেপ্তেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্ত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ । দেশজুৰি ১ ছেপ্তেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব এই কাৰ্যসূচী । বাকী জিলাসমূহৰ লগতে হোজাই জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগতো ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ উদযাপন কৰা হয় ।

পুষ্টিহীনতা মুক্ত, ভাৰতৰ দিশে এখোজ শীৰ্ষক মূলমন্ত্ৰৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । উক্ত পোষণ মাহৰ লগত সংগতি ৰাখি প্ৰথম কাৰ্য্যসূচী হিচাপে পুৱা হোজাই জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সম্মুখত গছ পুলি ৰোপন কৰে জিলা উপায়ুক্তই । লগতে অঙ্গনবাড়ী কৰ্মীসকলক উদ্দেশ্যি পোষণ মাহৰ বিষয়বস্তুৰ ওপৰত বহুমূলীয়া ভাষণ ৰাখে হোজাই জিলাৰ উপায়ুক্ত গৰাকীয়ে ।

ইয়াৰ পাছতে পোষণ মাহৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাৰ আয়োজন কৰা হয় । হোজাই জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা উলিওৱা এই শোভাযাত্ৰাত সমাজ কল্যাণ বিভাগৰ কৰ্মী আৰু অঙ্গনবাড়ী কৰ্মীসকলৰ লগতে প্ৰশাসনৰ লোকসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:কংগ্ৰেছ শূন্য হোৱাৰ দিশে শোণিতপুৰ জিলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.