ETV Bharat / state

বতাহক প্ৰদূষণ মুক্ত কৰিব পৰা যন্ত্ৰ আৱিস্কাৰ হোজাইৰ এজন মেকানিকৰ

author img

By

Published : Jun 20, 2021, 9:32 AM IST

লামডিঙৰ এজন প্ৰতিভাৱান ব্যক্তিয়ে আৱিষ্কাৰ কৰিলে বতাহক প্ৰদূষণ মুক্ত কৰিব পৰা যন্ত্ৰ ৷ নিতাই দাস নামৰ ব্যক্তিগৰাকীয়ে আৱিস্কাৰ কৰিছে এই যন্ত্ৰ ৷

pollution free devices make by hojai makanic man
বতাহক প্ৰদূষণ মুক্ত কৰিব পৰা যন্ত্ৰ আৱিস্কাৰ হোজাইৰ এজন মেকানিকৰ

হোজাই, 20 জুন : হোজাই জিলাৰ লামডিঙৰ এজন প্ৰতিভাৱান ব্যক্তিয়ে আৱিষ্কাৰ কৰিলে বতাহক প্ৰদূষণ মুক্ত কৰিব পৰা যন্ত্ৰ । যি সময়ত বিজ্ঞান প্ৰযুক্তিয়ে ন ন যন্ত্ৰ আৱিষ্কাৰ কৰি বজাৰত মুকলি কৰিছে তেনে সময়ত লামডিঙত এজন ব্যক্তিয়ে নিৰ্মাণ কৰিলে বতাহক প্ৰদূষণক মুক্ত কৰিব পৰা যন্ত্ৰ ৷ লামডিঙৰ জৰংদিচাৰ ৮ নং ৱাৰ্ডৰ নিৱাসী ৫৫ বছৰীয়া নিতাই দাসে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ ৷

নিতাই দাস পেচাত এগৰাকী ক্ষুদ্ৰ চিলাই মেচিনৰ মেকানিক ৷ ব্যৱসায় কৰি পোৱা ধনেৰে সাতজনীয়া পৰিয়ালটোক কোনোমতে পোহপাল দি আহিছে নিতাই দাস নামৰ মেকানিকগৰাকীয়ে ৷ উল্লেখ্য যে, নিতাই দাসে বতাহ প্ৰদূষণ মুক্ত এটি যন্ত্ৰ তৈয়াৰ কৰি উলিয়াইছে ৷ প্ৰদূষনস্থলীত এই যন্ত্ৰটো ব্যৱহাৰ কৰিলে দুৰ্গন্ধবোৰ এই যন্ত্ৰটো সোমাই পৰিব আৰু পৰিস্কাৰ বতাহ পোৱা যাব বুলি দাবী কৰিছে ব্যক্তিগৰাকীয়ে ৷

আনফালে নিশা যাত্ৰা কৰা গাড়ী চালক সকলৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছে এক বিশেষ এয়াৰ এলাৰ্ট ফোন ৷ নিশা গাড়ী চলোৱাৰ সময়ত যদি চালক জনৰ টোপনি ধৰে বা টোপনি যায় তেনেহলে এই এয়াৰ এলাৰ্ট ফোনে তৎক্ষাণিকভাৱে এলাৰ্মৰ দৰে শব্দ কৰিব ৷ যাৰ ফলত চালকগৰাকীয়ে সজাগ হ’ব পাৰিব আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব ৷ বৰ্তমান নিতাই দাসে আজৰি সময়ত এনেবোৰ যন্ত্ৰ আৱিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে ৷

সেয়েহে অসম চৰকাৰে তথা জিলা প্ৰশাসন যদি নিতাই দাস দৰে প্ৰতিভাৱান ব্যক্তিক যদি সহায় কৰে তেনেহলে অনাগত দিনত তেওঁ আগুৱাই যোৱাত মনোবল বৃদ্ধি হ’ব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, লখিমপুৰ জিলাৰ উদ্ভাৱক উদ্ধৱ ভৰালীয়েও বিভিন্ন যন্ত্ৰপাতি আৱিস্কাৰ কৰি সাধাৰণ ৰাইজক সকাহ দি আহিছে ৷ বিশেষকৈ সৰু পৰ্যায়ৰ উদ্যোগ আৰু কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন যন্ত্ৰপাতি আৱিস্কাৰ কৰি বিভিন্ন বঁটা লাভ কৰিছে ৷ উদ্ভৱ ভৰালীয়ে ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ ভাৰতৰ ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱন বঁটা, 2013 চনত 'ৰাষ্ট্ৰীয় একতা সন্মান বঁটা 2019 চনত, ভাৰত চৰকাৰে ভৰালীৰ বিভিন্ন যন্ত্ৰপাতি উদ্ভাৱনৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছে ৷

লগতে পঢ়ক : চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.