হোজাই, 12 অক্টোবৰ : হোজাইত ইন্ধনজাত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ হোজাইত দীৰ্ঘ দিনৰ পৰা ইন্ধনজাত সামগ্ৰীৰ চোৰাংভাৱে ৰমৰমীয়া বেহা চলি আছিল ৷ সেই খবৰ গোপন সূত্ৰৰ পম খেদি হোজাই জিলাৰ নখুটিত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ৷
অভিযানকালত আৰক্ষীয়ে চাৰিখন চাৰিচকীয়া বাহনৰ সৈতে এখন তেলৰ টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইপিনে চাৰিখন চাৰিচকীয়া বাহনত 44 টা তেল ভৰ্তি ড্ৰাম জব্দ কৰে নখুটিৰ পৰা আৰক্ষীয়ে ৷ জানিবপৰা মতে, টেংকাৰখনৰ পৰা 44 টা ড্ৰামত তেল ভৰাই থকাৰ অৱস্থাতে আৰক্ষীয়ে জব্দ কৰে টেংকাৰখন ৷
উল্লেখযোগ্য যে, আৰক্ষীয়ে বাহনকেইখনৰ এজনো চালকক আটক কৰিবলৈ সক্ষম নহ’ল কিয়নো আৰক্ষীৰ উপস্থিত হোৱাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালক কেইজনে ৷ আৰক্ষীয়ে জব্দ কৰা বাহন কেইখন হৈছে ক্ৰমে, AS-01CC-7935, AS-02CC-5670, AS-02CC-1996, AS-01JC-3765 আৰু টেংকাৰ খনৰ নম্বৰ হৈছে NL-01AA-3551 ৷
সম্প্ৰতি আৰক্ষীয়ে জব্দ কৰা তেলখিনি পেট্ৰ’ল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে, দৰাচলতে তেলখিনিক পৰীক্ষা কৰাৰ পিছতহে তেলখিনি সঠিক ভাবে কি বা কিহত ব্যৱহৃত তেল জানিব পৰা যাব ।
লগতে পঢ়কঃ লুইতৰ বুকুত পুনৰ ফেৰীৰ অঘটন