ETV Bharat / state

কবৰ খান্দি উলিয়ালে মহিলাৰ মৃতদেহ

author img

By

Published : Sep 12, 2020, 8:02 AM IST

হোজাইৰ মোৰাঝাৰত চাঞ্চল্যকৰ ঘটনা । কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে মহিলাৰ মৃতদেহ ।

police dig out dead body of a woman
কবৰ খান্দি উলিয়ালে মহিলাৰ মৃতদেহ

নগাঁও, 12 ছেপ্তেম্বৰঃ হোজাই জিলাৰ মোৰঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । কবৰৰ পৰা উঠাই এগৰাকী মহিলাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে আৰক্ষীয়ে । বৰপেটাৰ শ্বামিমা ইছলাম ওৰফে ছামি নামৰ মহিলাগৰাকী মাত্ৰ এটা বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল হোজাই জিলাৰ মোৰঝাৰৰ চাদ্দাম হুছেইন নামৰ লোক এজনৰ সৈতে । বৃহস্পতিবাৰে অকস্মাতে স্বামী গৃহত মহিলাগৰাকীৰ ৰহস্যজনক ভাৱে মৃত্যু ঘটে ; কিন্তু স্বামী পৰিয়ালৰ লোকে আৰক্ষীক বিষয়টো অৱগত নকৰাকৈয়ে ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন কৰিছিল শ্বামিমা ইছলামৰ শেষকৃত্ব।

কবৰ খান্দি উলিয়ালে মহিলাৰ মৃতদেহ

ইয়াৰ পিছতেই মৃত শ্বামিমাৰ পিতৃ পৰিয়ালৰ লোকে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ তুলি মোৰাঝাৰ আৰক্ষী থানাত তৰিলে গোচৰ ৷ এই অভিযোগৰ পিছতেই শুক্ৰবাৰে মোৰাঝাৰ আৰক্ষীয়ে কবৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰি ব্যৱস্থা কৰিলে মৰণোত্তৰ পৰীক্ষাৰ । উল্লেখযোগ্য যে মহিলাগৰাকীক স্বামী পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন হৈছে । অৱশ্যে কি অৱস্থাত মহিলাগৰাকীৰ মৃত্যু হৈছিল সেয়া এই পৰ্য্যন্ত জানিব পৰা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.