হোজাই, 24 মে’: 15 মে’তে আৰক্ষীক জনোৱা হৈছিল চুৰিকাণ্ডটোৰ বিষয়ে (Thief at Lanka) ৷ এটা সপ্তাহে চোৰৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে (Lanka police)৷ উপায়ন্তৰ হৈ ভুক্তভোগী কাষ চাপিল বেজৰ৷ বেজে আৰম্ভ কৰিলে বাতি চালনা ৷
এই কাণ্ড হোজাই জিলাৰ লংকাৰ ৷ আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাৰ লগতে বিজ্ঞানকো প্ৰত্যাহ্বান জনাই বেজালিৰে চোৰৰ সন্ধান উলিওৱাত নামি পৰিল লংকাৰ এটা পৰিয়াল৷ লংকাৰ 4 নং বাৰ্ডৰ পানীটেংকী পথৰ নান্তু ৰয় নামৰ লোকজনৰ ঘৰত যোৱা ১৪ মে’ৰ নিশা সংঘটিত হৈছিল চুৰিকাণ্ড । বাসগৃহৰ লগতে ঘৰৰ সম্মূখত থকা বিপনীতো চোৰে চলাইছিল অভিযান৷ চোৰে টোপালা বান্ধি লৈ গৈছিল দুটা মোবাইল ফোনসহ গেলামাল দোকানৰ সামগ্ৰী ।
চোৰৰ সফল অভিযানৰ পাছদিনাই জৰুৰী কামত ঘৰৰ মালিক নান্তু ৰয় যাবলগীয়া হ’ল দিল্লীলৈ ৷ গতিকে নান্তু ৰয়ৰ সম্পৰ্কীয় লোকেই চুৰিকাণ্ডৰ বিষয়ে 15 মে’ত লংকা আৰক্ষী থানাত অৱগত কৰালে৷ কিন্তু আৰক্ষীয়ে এসপ্তাহে চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল ৷ গতিকে আৰক্ষীৰ ওপৰত থকা আস্থা আৰু বিশ্বাস হেৰুৱাই গৃহস্থ এইবাৰ এজন উপযুক্ত বেজৰ সন্ধানত নামিল৷ বহু বিচাৰ-খোচাৰৰ অন্তত এজন নামী বেজৰ সন্ধান পোৱা গ’ল ৷
সময়ত বেজ আহিল ৷ আৰম্ভ হ’ল চোৰৰ সন্ধানত বেজৰ বাতি চালনা ৷ কিন্তু নান্তু ৰয়ৰ ঘৰৰ পৰা প্ৰায় ৩০০ৰ পৰা ৪০০ মিটাৰ বাতি চলাইও বিফল হ’ল বেজ ৷ পিছে চোৰৰ কাষলৈ বাতি নগ’লেও বাতি চালনা চাবলৈ উবুৰি খাই পৰিল স্থানীয় লোক ৷ চোৰ ধৰাৰ এই কৌশলৰ খবৰ দাঁতিকাষৰীয়া লোকসকলৰ লগতে আৰক্ষীৰো কাণত পৰিল ৷ ফলত চোৰৰ বিৰুদ্ধে চলা অভিযানস্থলীত উপস্থিত হ’ল স্থানীয় আৰক্ষী ৷
বেজৰ অভিযানস্থলীত আৰক্ষীয়েও অভিযান চলাই বেজক বাতি চালনাৰ দ্বায়িত্ব দিয়া নান্তু ৰয়, বিখ্যাত বেজজন আৰু আন একাংশ লোকক আটক কৰি থানালৈ লৈ যায় ৷ উল্লেখ্য যে, চোৰৰ সন্ধানত চলা অভিযানত ব্যৱহৃত বাতিটোও আৰক্ষীয়ে জব্দ কৰি লৈ যোৱা দেখা যায় ৷
লগতে পঢ়ক: গুণোৎসৱে কন্দুৱালে বিধায়ক ভূৱন গামক