হোজাই, 31 মে’: হোজাই জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্চুৱেল সভা । সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো মঙলবাৰে জিলা প্ৰশাসনে আয়োজন কৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ সন্মিলন(Garib Kalyan Sammelan)। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মতবিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (PM Kisan Samman Nidhi) অধীনত ১০ কোটিৰো অধিক কৃষকলৈ ২১,০০০ কোটি টকাৰ ১১ সংখ্যক কিস্তি হস্তান্তৰকৰণ অনুষ্ঠান উপলক্ষে হোজাই চহৰত অৱস্থিত দেশবন্ধু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰ্চুৱেলী মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠনত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষি পশুপালন ইত্যাদিৰ মন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈ আহিছে বুলি উল্লেখ কৰে ৷
তেওঁ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা আঁচনিসমূহ গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে ৷ অনুষ্ঠানত হোজাইৰ জিলা উপযুক্ত অনুপম চৌধুৰী, জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগৰ মুৰব্বী-বিষয়াসকলৰ লগতে বিভিন্ন পৰ্য্যায়ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
উপস্থিত সকলোৱে হোজাইৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ লগতে হিমাচল প্ৰদেশৰ চিমলাৰ পৰা সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানত অংশ লয় (Modi virtual conference in Hojai) ৷
লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জাননী