ETV Bharat / state

লংকাৰ বজাৰত অসাৰ ক'ভিড প্ৰ'টকল

author img

By

Published : Jul 20, 2021, 9:39 PM IST

চৰকাৰ তথা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই লংকাৰ বজাৰত গ্ৰাহকৰ ব্যাপক ভীৰ ৷ ভংগ কৰা হৈছে ক'ভিড প্ৰট’কল ৷

people-violating-covid-protocol-at-lanka-market-of-hojai
লংকাৰ বজাৰত অসাৰ ক'ভিড প্ৰ'টকল

হোজাই, 20 জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰৰ পৰা কঠোৰ পন্থা অৱলম্বন কৰাৰ পাছতো সচেতন হোৱা নাই একাংশ লোক ৷ যাৰ বাবে বহুকেইখন জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ গণ সংক্ৰমণ ৷ ইয়াৰ মাজতে লংকাৰ বজাৰত যেন ধোঁৱাচাঙত উঠিছে ক'ভিড প্ৰ'টকল ৷

উল্লেখ্য যে, লংকাত বজাৰলৈ যোৱা একাংশ লোকে মুখত মাস্ক পৰিধান নকৰাৰ লগতে মানি চলা নাই কোনো ধৰণৰ সামাজিক দূৰত্ব ৷ ইফালে কৰ্তব্যৰত আৰক্ষীৰো যেন নাই কোনো দায়িত্বজ্ঞান ৷ যাৰ বাবে গণ সংক্ৰমণৰ আশংকা কৰিছে লংকাৰ সচেতন মহলে ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এনে বিধিক যেন এতিয়াও চূড়ান্তভাৱে উলংঘা কৰি আহিছে লংকাৰ একাংশ লোকে ৷

চৰকাৰ তথা প্ৰশাসনে বজাৰ সমাৰৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও হোজাইৰ লংকাৰ বজাৰত যেন অসাৰ সেই নিৰ্দেশনা ৷

লংকাৰ বজাৰত অসাৰ ক'ভিড প্ৰ'টকল

সমাগত ঈদৰ বজাৰ কৰিবলৈ বজাৰত ভীৰ কৰা দেখা গ’ল হাজাৰ হাজাৰ লোকক ৷ বজাৰ কৰিবলৈ অহাসকলৰ অধিকাংশই মানি চলা নাই সামাজিক দূৰত্ব ৷ লগতে পৰিধান কৰা নাই মাস্ক ৷

উল্লেখ্য যে, বজাৰত ৰাইজৰ ব্যাপক ভীৰ দেখাৰ পাছতো কৰ্তব্যৰত আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বিষয়টোৱে চিন্তিত কৰিছে সচেতন ৰাইজক ৷ সাংবাদিকৰ কেমেৰা দেখিহে যেন সামাজিক দূৰত্ব তথা মাস্ক পিন্ধাৰ দায়িত্ব মনত পৰে বজাৰ কৰিবলৈ অহা একাংশ লোকৰ ৷ যাৰ বাবে এনে পৰিস্থিতিত গণ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি চিন্তিত হৈ পৰিছে সচেতন মহল ৷ প্ৰশাসনক এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে জিলাখনৰ সচেতন ৰাইজে ৷

লগতে পঢ়কঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সংগ্ৰহালয়ত সংৰক্ষিত উদ্ধাৰ হোৱা কাঁহৰ বাতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.