ETV Bharat / state

শাল বাগান ৰক্ষা কৰিবৰ বাবে ৰাইজে ক’লে: আমাক নাকাটিবা - ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ

আমাক নাকাটিবা, আমাক সুৰক্ষা দিয়ক বনাঞ্চল সংৰক্ষণৰ অভিনৱ প্ৰতিবাদ । শাল বাগান ৰক্ষাৰ ৰাইজে কৰিলে অভিনৱ প্ৰতিবাদ ৷

people-came-out-to-save-nature
শাল বাগান ৰক্ষা কৰিবৰ বাবে ৰাইজে ক’লো আমাক নাকাটিবা !
author img

By

Published : Oct 23, 2021, 10:57 PM IST

Updated : Oct 24, 2021, 9:00 AM IST

হোজাই , 23 অক্টোবৰ : হোজাই জিলাৰ ডবকা যমুনাভেলী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা চাৰিলেনযুক্ত হিচাপে সম্প্ৰসাৰণ কৰা হ'ব । ইতিমধ্যে হোজাই জিলাৰ ১৫ কিলোমিটাৰ পথৰ ভিতৰত ১২ কিলোমিটাৰ পথ ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে । চাৰিলেন হিচাপে ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰিত হোৱাৰ বাবে বনাঞ্চলখনৰ পাঁচ সহস্ৰাধিক শাল, চেগুন আদি মূল্যৱান গছ কাটিবলগীয়া হ'ব । এনে কৰাৰ ফলত বনাঞ্চলখন সংকুচিত হোৱাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ব্যাহত হ’ব ।

তদুপৰি ইয়াত বসবাস কৰা বন্য প্ৰাণীকুলৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টিৰ আশংকা কৰা হৈছে । সেয়েহে ডবকা বনাঞ্চলখন ৰক্ষাৰ স্বাৰ্থত আজি হোজাই জিলা আমছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শতাধিক লোকে ডবকা শাল বাগানত এক অভিনব প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে গছত সাবটি ‘আমাক নাকাটিব’, ‘আমাক হত্যা নকৰিব’, ‘আমাক সুৰক্ষা দিয়ক’, ‘অক্সিজেনৰ স্বাৰ্থত আমাক ৰক্ষা কৰক আদি শ্ল'গান দি একো একোখন প্লে-কার্ড গছত আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

শাল বাগান ৰক্ষা কৰিবৰ বাবে ৰাইজে ক’লো আমাক নাকাটিবা !

পাছত বনাঞ্চলখনতেই সকলো একত্ৰিত হৈ ডবকা বনাঞ্চল ৰক্ষা কৰক, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত গছ কটা বন্ধ কৰক, বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস কৰা নচলিব আদি শ্ল'গান দি চৌদিশ উত্তাল কৰি তোলে । হোজাই জিলা আমছুৰ সভাপতি কবীৰ আহমেদ লস্কৰে কয়, প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত সংৰক্ষিত বনাঞ্চলখনৰ গছকটা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব । কিয়নো পথ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা আছে ।

গতিকে, শীঘ্ৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰিৱৰ্তে বিকল্পভাৱে আন ফালেদি পথছোৱা সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত প্ৰতিবাদকাৰীসকলে দাবী জনায় । উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথছোৱা ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পাছফালেদি নি দীঘলজাৰশী বনগাঁও, টঙীয়া, হীৰাগাঁও তপতজুৰি, হালধিআটী হৈ কাৰ্বি আংলং জিলাত সোমালে সংৰক্ষিত বনাঞ্চলখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ’ব বুলি প্ৰকৃতিপ্ৰেমী ৰাইজে মন্তব্য কৰে ।

লগতে পঢ়ক : অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

Last Updated : Oct 24, 2021, 9:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.