হোজাই, ২৪ মে': হোজাইৰ হাম হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা । হাস্পতালৰ তৃতীয় মহলৰ পৰা জঁপিয়াই আত্মহত্যা এজন ৰোগীৰ । আত্মহত্য়া সংঘটিত কৰা লোকজনৰ শেহতীয়াকৈ কৰা হৈছিল অস্ত্ৰোপচাৰ । শনিবাৰে নিশা আত্মহত্যা কৰা ৰোগীজন পেচাত এজন শিক্ষক আছিল বুলি জানিব পৰা গৈছে ।
পৰিতোষ দেৱ নাথ নামৰ লংকা এন এৰিয়াৰ শিক্ষকজনৰ হাস্পতালত আত্মহত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । আত্মহত্য়া কৰা পৰিতোষ দেৱ নাথ লংকা বিবেকানন্দ পাঠশালা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক আছিল ।
ইপিনে হাস্পতালৰ পৰা ৰোগীজনক মুকলি কৰি দিয়া হৈছিল বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰা । মুকলিৰ পিচত অস্ত্ৰোপচাৰ ক্ষেত্ৰত হাস্পতালত ভৰিব লগা বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰাই আত্মহত্যাৰ কাৰণ হ'ব পাৰে বুলি প্ৰাৰম্ভিক অৱস্থাত সন্দেহ ব্যক্ত কৰা হৈছে । অৱশ্যে আত্মহত্যাৰ অন্তৰালত আন কিবা ৰহস্য আছে নেকি সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
লক্ষ্যণীয় যে, নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতো হাস্পতালত সাংবাদিকৰ প্ৰৱেশত বাধা আৰোপ কৰিছিল হাস্পতাল কর্তৃপক্ষই ।