হোজাই, 21 আগষ্ট : আমছুৱে দাহ কৰিলে পাকিস্তানৰ পতাকা ৷ পাকিস্তানৰ ৰেল মন্ত্ৰীয়ে পাৰমানৱিক আক্ৰমণ কৰি ভাৰতবৰ্ষৰ লগতে অসমতো আক্ৰমণ কৰাৰ হুংকাৰৰ পাচতে হোজাইত পাকিস্তানৰ পতাকা জ্বলালে হোজাই আমছুৱে ৷ এই ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলা আমছুৱে ডবকা নগৰৰ বাইপাছত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ডবকাৰ পৰিস্থিতি উত্তাল কৰি তোলে সংগঠনটোৱে ৷ ইয়াৰ লগতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ প্ৰতিমূৰ্তিও দাহ কৰে । ভাৰতবৰ্ষক হুংকাৰ দিয়াৰ বিপৰীতে আমছুৱে পাকিস্তানক পৃথিৱীৰ পৰা নিচিহ্ন হুংকাৰ প্ৰদান কৰে।
লগতে পঢ়ক : তেজপুৰত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ আমছুৰ