হোজাই,23 এপ্ৰিল : হোজাই জিলাৰ লামডিঙৰ ঝুলনপুলত শুকুৰবাৰে সংঘটিত হৈছে এক অঘটন ৷ ঝুলনপুলৰ ৰে’লৱে পানীৰ টেংকীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন 17 বছৰীয়া কিশোৰৰ ৷
ঝুলনপুল নিৱাসী ৰোহিত সিং নামৰ কিশোৰজনে গা ধুবলৈ গৈ মৃত্যুমুখত পৰে ৷ আনহাতে ৰোহিতৰ সৈতে থকা আন তিনিজনক জীৱন্তে উদ্ধাৰ কৰে অমন কাহাৰ নামৰ এজন স্থানীয় যুৱকে ৷
অৱশেষত লামডিং আৰক্ষীৰ তৎপৰতাত লামডিং আপতকালীন বিভাগ আৰু এচডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ৰোহিতৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : দৰঙত বগা হাতীত পৰিণত ক'ভিড বিধি