ETV Bharat / state

ডবকাত হাতীৰ গচকত প্ৰাণ হেৰুৱালে এজন লোকে - Hojai, Doboka

বৃহস্পতিবাৰে হোজাই(HOJAI)ৰ ডবকাত এক শোকাৱহ ঘটনা সংঘটিত হয় । বন্যহস্তীৰ আক্ৰমণ(Elephant attack)ত প্ৰাণ গ'ল এজন লোকৰ । ডবকাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাতে হাতীয়ে আক্ৰমণ কৰে লোকজনক ।

One person killed in elephant attack at Dabaka
ডবকাত হাতীৰ গচকত প্ৰাণ হেৰুৱালে এজন লোকে
author img

By

Published : Aug 19, 2021, 5:13 PM IST

হোজাই, ১৯ আগষ্ট: হোজাইত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে । বৃহস্পতিবাৰে পুৱা ডবকাৰ শালবাগানত এই শোকাৱহ ঘটনা সংঘটিত হয় । নিহত লোকজন কাৰ্বি আংলঙৰ উলুৱন্তী গাঁৱৰ দয়াৰাম ইংতি বুলি জানিব পৰা গৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত শালবাগানত এটা বন্যহস্তীৰে মুখামুখি হয় লোকজন । হাতীৰ গচকত গুৰুতৰভাৱে আহত হয় দয়াৰাম ইংতি ।

কিছু সময়ৰ পাছত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত তেওঁ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও আদবাটতে তেওঁৰ মৃত্যু হয় । নিহত দয়াৰাম ইংতি পশ্চিম কাৰ্বি আংলঙৰ কৃষি বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোককুল পৰিৱেশৰ সৃষ্টি কৰিছে ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, ইংতিক আক্ৰমণ কৰাৰ পাছতো বহু সময় ধৰি হাতীটো সেই স্থানতে আছিল । সেয়ে, ৰাইজে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিব পৰা নাছিল । পিছত ৰাজপথেৰে যানবাহনৰ চলাচল বৃদ্ধি হোৱাত হাতীটো বনাঞ্চললৈ যায় । উল্লেখ্য যে, এই স্থানত প্ৰায়ে হাতী বনাঞ্চললৈ ৰাজপথলৈ ওলাই আহে ।

লগতে পঢ়ক:ধলাত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.