হোজাই, 4 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনাই নাগৰিকত্ব প্ৰদানৰ দাবীত অনশনত বহিল অল ইণ্ডিয়া বেংগলী অৰ্গেনাইজ্যেশন ৷ হোজাই জিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে লংকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত এই দৰে অনশনত বহে অল ইণ্ডিয়া বেংগলী অৰ্গেনাইজ্যেশনৰ সদস্যসকল ৷
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ষড়যন্ত্ৰমূলক ভাৱে হিন্দু বঙালীৰ নাম কৰ্তন কৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰী সকলে অনশনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, হিন্দু বঙালী বিদেশী নহয় আদি প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বিনা চৰ্তে হিন্দু বঙালীক নাগৰিকত্ব প্ৰদান কৰাৰ উপৰিও বিনা চৰ্তে হিন্দু বঙালীক ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে । অনাগত দিনত চৰকাৰখনে এই দাবী সমূহ মানি নল'লে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।