যমুনামুখ, 9 ফেব্ৰুৱাৰীঃ সামৰণি পৰিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উত্তৰ পূৰ্বাঞ্চলীয় ইজতেমাৰ ৷ এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান উপলক্ষে জনসমূদ্ৰত পৰিণত হয় হোজাই জিলাৰ যমুনামুখ ৷ শুকুৰবাৰৰ পৰা যমুনামুখৰ বিশাল পথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত, লাখ লাখ ইছলামধৰ্মী লোকেৰে লোকাৰণ্য হৈ পৰে অঞ্চলটো ৷
অসমৰ প্ৰায় প্ৰতিখন জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ পৰাও সমাগম হৈছে অগণন ধৰ্মপ্ৰাণ লোকৰ ৷ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত অনুষ্ঠিত ইজতেমাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে নিজৰ নিজৰ স্থান চিনাক্ত কৰি ৰাখিবলৈ এনেদৰে উৰুৱাইছে আদৰৰ গামোচাখন ৷ প্ৰায় ছয় সাত কিলোমিটাৰ নিলগতো বাহন ৰাখি, খোজকাঢ়ি ইজতেমাস্থলীত উপস্থিত হ'বলগীয়া হৈছে ভক্তপ্ৰাণ লোকে ৷ উল্লেখ্য যে, বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হোৱা ইজতেমাৰ অন্তিম দোৱাত অংগ্ৰহণ কৰে প্ৰায় 20 লক্ষাধিক লোকে ৷
লগতে পঢ়ক ঃ দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ'ল মাঘী পূৰ্ণিমা