হোজাই, 1 ছেপ্টেম্বৰ : প্ৰতিবছৰে 1 ছেপ্টেম্বৰৰ পৰা দেশ তথা ৰাজ্যজুৰি মাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয় পোষণ মাহৰ কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে আয়োজন কৰা হয় এখন সভাৰ (National Nutrition Month program organized in Hojai) ৷ এই সভাত সভাপতিত্ব কৰে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে ৷
এই সভাত ৰাষ্ট্ৰীয় পোষণ মাহ জিলা ভিত্তিত ক’ত ক’ত কিদৰে পালন কৰা হ’ব সেই সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয় ৷ লগতে গৰ্ভৱতী মহিলা, নৱজাতক বা প্ৰসূতী মাতৃৰ ল’ব লগা যতন সন্দৰ্ভত আলোচনা কৰা হয় ৷
হোজাই জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এই সভাত জিলা উপায়ুক্তগৰাকীৰ লগতে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, অতিৰিক্ত উপায়ুক্তসকল, হোজাই জিলা স্বাস্থ্য বিষয়া, হোজাইৰ ডি এফ অ’, হোজাই, যমুনামুখ আৰু লামডিং সমষ্টিৰ খণ্ড উন্নয়ন বিষয়াসকলো উপস্থিত থাকে ৷
লগতে জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ বিষয়া মনিকা বৰঠাকুৰ, জিলা সমন্বয়ক সম্প্ৰীতি তামুলী ফুকনকে ধৰি বিভিন্ন বিভাৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : শিশু-মহিলাৰ পোষণক জন-আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ