লামডিং,7 জানুৱাৰীঃ লামডিং মনচুৰীয়া কুংফু সংস্থাৰ উদ্যোগত লামডিং অনুষ্ঠিত কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এল ষ্টাইল অ’পেন মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতা ৷ লামডিঙৰ বিবেকানন্দ খেল পথাৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷
সোমবাৰে সফলভাৱে সামৰণি পৰে প্ৰতিযোগিতাখনৰ ৷ এই প্ৰতিযোগিতাত অসম,পাঞ্জাৱ,বিহাৰ,পশ্চিবংগ,মণিপুৰ,নাগালেণ্ড,মিজোৰাম,ত্ৰিপুৰা আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 350 গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। সোমবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত 55 টা স্বৰ্ণ,59 টা ৰূপ,47 টা ব্ৰঞ্জৰ পদক লাভেৰে অসমে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে 39 টা স্বৰ্ণ,30 টা ৰূপ,18 টা ব্ৰঞ্জ পদকেৰে দ্বিতীয় স্থানত অৰুণাচল প্ৰদেশ আৰু 18 টা স্বৰ্ণ,10 টা ৰূপ,20 টা ব্ৰঞ্জ পদকেৰে তৃতীয় স্থান লাভ কৰে পাঞ্জাৱে ৷