ETV Bharat / state

যমুনামুখত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক চিৰাজ উদ্দিন আজমলে - Doboka Hospital of Hojai

হোজাই জিলাৰ ডবকা চিকিৎসালয় আৰু নীলবাগান ক'ভিড কেয়াৰ কেন্দ্ৰত শেহতীয়াকৈ বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছে । এই সমস্যাসমূহৰ বুজ ল'বলৈ শনিবাৰে উপস্থিত হয় যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল । আগন্তুক ৬ মাহৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক চিৰাজ উদ্দিন আজমলে ।

Jamunamukh mla
যমুনামুখত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক চিৰাজ উদ্দিন আজমলে
author img

By

Published : Jun 5, 2021, 10:45 PM IST

হোজাই,৫ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । একাংশ হাস্পতাল আৰু ক'ভিড কেয়াৰ কেন্দ্ৰত ৰোগীসকলৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে । কিন্তু ইয়াৰ মাজতে বহু চিকিৎসালয় আৰু ক'ভিড কেয়াৰ কেন্দ্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰোগী তথা স্বাস্থ্যকৰ্মীসকল ।

ৰাজ্যৰ আন জিলাসমূহৰ দৰে হোজাই জিলাৰ ডবকা চিকিৎসালয় আৰু নীলবাগান ক'ভিড কেয়াৰ কেন্দ্ৰত শেহতীয়াকৈ বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছে । এই সমস্যাসমূহৰ বুজ ল'বলৈ শনিবাৰে উপস্থিত হয় যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল ।

Jamunamukh mla
যমুনামুখত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক চিৰাজ উদ্দিন আজমলে

ডবকা চিকিৎসালয় আৰু নীলবাগান ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি বিভিন্ন সমস্যা সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰে বিধায়কগৰাকীয়ে । সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস দিয়ে বিধায়কজনে ৷ আগন্তুক ৬ মাহৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক চিৰাজ উদ্দিন আজমলে । ইয়াৰ পিছতে মহামাৰী নিৰ্মূলৰ বাবে এক ৰাজহুৱা প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:বিজেপিৰ সভাপতিৰ আসনক লৈ কি মন্তব্য কৰিলে বিধায়ক ভৱেশ কলিতাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.