হোজাই,7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হোৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাচত এইবাৰ কেব বিৰোধী আন্দোলন সম্পৰ্কে বিস্ফোৰক মন্তব্য আগবঢ়াইছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে ৷ বিধায়কজনৰ মতে, কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকল প্ৰকৃততে বাংলাদেশী ৷ অস্তিত্বহীন আৰু শক্তি নথকা সকলেহে বন্ধৰ আহ্বান কৰে বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাক শক্তিহীন বুলি কটাক্ষ কৰে শিলাদিত্য দেৱে ৷ সদনত আমিনুল ইছলামে দিয়া ভাষণ সম্পৰ্কতো তীৰ্যক মন্তব্য আগবঢ়ায় বিধায়ক শিলাদিত্যই ৷ তেওঁ কয় যে, ডিঙিত অসমীয়া গামোচা লৈ ভাষণ দিলেই অসমীয়া নহয় ৷
শনিবাৰে হোজাইত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় বিধায়ক শিলাদিত্য দেৱে। গড়কাপ্তানি বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ৰ সমান্তৰালকৈ মুকলি হ’ল সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় । হোজাইৰ নতুন বজাৰস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱন চৌহদত মুকলি কৰা হয় এই কাৰ্যালয়টো । হোজাই জিলা হিচাপে ঘোষণা হোৱাৰ পিছত জিলাবাসীৰ সুবিধাৰ্থে প্ৰথমবাৰৰ বাবে হোজাই ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু উপ-সংমণ্ডলৰ এই কাৰ্যালয় দুটা মুকলি কৰা হয় ।
লগতে চাওকঃআৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ